গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক ‘আছু’ৰ সাক্ষাৎ

WhatsApp Image 2020 09 08 at 9.17.36 PM

আজি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথৰ নেতৃত্বত এটা দলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক সাক্ষাৎ কৰি স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাৰ বিষয়ে আলোচনা কৰে । উক্ত আলোচনাত আছুৰ তৰফৰ পৰা অনলাইন আৰু অফলাইন উভয় পদ্ধতিৰে ‘অপেন বুক এগজামিনেচন’ অনুষ্ঠিত কৰাৰ আহ্বান জনায় ।

ইয়াৰ জৰিয়তে একেখন প্ৰশ্নকাকতকে লৈ ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ ইচ্ছা অনুযায়ী পৰীক্ষাগৃহলৈ আহি বা নহাকৈয়ো ঘৰতে থাকি পৰীক্ষাত বহিব পাৰিব । লগতে প্ৰয়োজন অনুসৰি পাঠ্যক্ৰমো শিথিল কৰাৰ পৰামৰ্শ আগবঢ়ায় আছুৰ সভাপতি নাথে । বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য গৰাকীয়ে আছুৰ আহ্বানলৈ সহাঁৰি জনাই এক ফলপ্ৰসূ সিদ্ধান্ত গ্ৰহণৰ আশ্বাস প্ৰদান কৰে বুলি আছুৰ নেতৃত্বই জানিবলৈ দিয়ে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ জাননী জাৰি কৰি পৰীক্ষাসূচী প্ৰকাশ কৰিছিল । ইয়াৰ পিছতে পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন অসুবিধা প্ৰকাশ কৰাৰ লগতে প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰে । এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয় “আছু গোটে” কৰ্তৃপক্ষৰ লগত আলোচনা অব্যাহত ৰাখিছে।

Exit mobile version