ভাৰত-চীন সীমান্তত অব্যাহত উত্তেজনা

GettyImages 929581480 5b437b9b46e0fb0037899d82

ভাৰত-চীন সীমান্তত অব্যাহত আছে উত্তেজনা ৷ সোমবাৰে পুনৰ চীনৰ সেনাই ভাৰতৰ ভূমি দখলৰ লক্ষ্যৰে আগবাঢ়ি আহে । ভাৰতীয় সেনাই বাৰে বাৰে চীনক উভতি যাবলৈ সকীয়াই দিয়ে যদিও আগ্ৰাসী মনোভাৱেৰে আগবাঢ়ি আহে ৰঙা চীন । এক বিশেষ সূত্ৰৰ মতে এই সময়ত দুয়ো পক্ষৰ মাজত গুলীয়া গুলিৰ সূত্ৰপাত হয় । অৱশ্যে এতিয়ালৈকে কোনখন দেশৰ সেনাই প্ৰথমে গুলীয়াইছিল সেয়া স্পষ্ট হোৱা নাই।

উভয় দেশৰ সেনা বাহিনীয়ে প্ৰতিপক্ষৰ হৈ গুলিবৰ্ষণ কৰা বুলি পৰস্পৰৰ বিৰুদ্ধে অভিযোগ কৰিছে ৷ সীমান্তৰ এই গুলীয়াগুলিৰ পাছত স্ব-স্থানলৈ উভতি যায় চীনৰ সেনা । সম্প্ৰতি চীন ভাৰতৰ সীমান্তৰ পৰিস্থিতি সুস্থিৰ বুলি কোৱা হৈছে ৷ আনহাতে সোমাবাৰে সীমান্তত প্ৰথম চীনৰ ফালৰ পৰাই গুলিচালনা কৰা হৈছিল বুলি সদৰী কৰিছে ভাৰতীয় সেনাই ।

ভাৰতীয় সেনাই লগতে কয় যে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা(এল এ চি)ৰ পৰিস্থিতি সুস্থিৰ কৰিবলৈ সকলো প্ৰচেষ্টা অব্যাহত ৰখা হৈছে । কিন্তু চীনে বাৰে বাৰে উচটনিমূলক কাৰ্য সংঘটিত কৰি আহিছে ৷ “আমি এলএচি পাৰ কৰা নাই । আৰু গুলি কৰাও নাই । চীনে বাৰে বাৰে দুয়োখন দেশৰ মাজত হোৱা চুক্তি উলংঘনৰ কাৰণে চেষ্টা কৰি আছে।”এইদৰে কয় ভাৰতীয় সেনাই।

ভাৰতীয় সেনাই লগতে কয় ’আমি শান্তি বৰ্তাই ৰাখিব বিচাৰো । কিন্তু দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাক কেতিয়াও হেয় প্ৰতিপন্ন হ’বলৈ নিদিও ৷” আনহাতে গালৱানত চীন -ভাৰতৰ সংঘৰ্ষত ২০ জন ভাৰতীয় সেনা ছহিদ হোৱাৰ পাছৰে পৰা সীমান্তত চৰম উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে ।

ইয়াৰ পিছত দুয়োখন দেশৰ উচ্চ পদস্থ সেনাৰ মাজত হোৱা কে’বালানি আলোচনাৰ মাজতে পুনৰ ২৯ আৰু ৩০ আগষ্টত সীমান্তত পৰিস্থিতি উত্তপ্ত হৈ পৰে।

Exit mobile version