- আজি পবিত্ৰ জন্মাষ্টমী ৷ জন্মাষ্টমী হৈছে হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰী কৃষ্ণৰ বাৰ্ষিক জন্মোৎসৱ ৷ পূৰ্বতে আজিৰ দিনটোত ৰাজ্যৰ নামঘৰসমূহত উলহ মালহেৰে পালন কৰা হয় শ্ৰী কৃষ্ণৰ জন্মাষ্টমী ৷ কিন্তু এইবাৰ কৰ’নাৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্টুপীয়াকৈ নামঘৰসমূহে উদযাপন কৰিছে শ্ৰী কৃষ্ণৰ জন্ম তিথি ৷
- আম আদমী পাৰ্টিয়ে ২০২১ৰ বিধান সভা নিৰ্বাচনত অসমৰ ১২৬ টা সমষ্টিতে প্ৰাৰ্থীত্ব আগবঢ়াব । এই উপলক্ষে ইতিমধ্যে দলটোৱে অসমৰ ৮৪ টা সমষ্টিত প্ৰাৰ্থীত্ব চুড়ান্ত কৰি সাংগঠনিক ভাবেও তৎপৰ হৈ পৰিছে ৷
- দীৰ্ঘদিনৰ পাছত আৰম্ভ হোৱা হায়দৰাবাদ মেট্ৰ’ সেৱাত প্ৰথম দিনটোত যাত্ৰা কৰিলে ১৯০০০ গৰাকী যাত্ৰীয়ে ৷ দিল্লী চৰকাৰৰ তৰফৰ পৰা ধীৰ-স্থিৰ আৰু সতৰ্কতাৰে পুনৰ মেট্ৰ’ ৰে’ল সেৱা আৰম্ভ কৰা হৈছে ৷ উল্লেখযোগ্য যে, ক’ৰ’না মহামাৰীৰ ভয়াবহ সংক্ৰমণৰ বাবে দীৰ্ঘসময় ধৰি ভাৰতত ৰে’ল সেৱাৰ লগতে মেট্ৰ’ সেৱা বন্ধ হৈ আছিল।
- বিগত ২৪ ঘণ্টাত ভাৰতত ৮৯,৭০৬ গৰাকী লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে৷ ইয়াৰ লগে লগে দেশত ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা ৪৩,৭০,১২৮ গৰাকীলৈ বৃদ্ধি পাইছে। সুস্থ হৈছে ৩৩,৯৮,৮৪৪ গৰাকী লোক ৷ মৃত্যু হৈছে ৭৩,৮৯০ গৰাকী লোক।
- ৰাজ্যত পুনৰ ২৫৭৯গৰাকী ব্যক্তিৰ শৰীৰত ক’ভিড১৯ পজিটিভ পোৱা গৈছে ৷ ইয়াৰে কামৰূপ মহানগৰৰ ৭২৯, ডিব্ৰুগড়ৰ ১৬০, যোৰহাটৰ ১৪৬ আৰু ধেমাজিৰ ১১০গৰাকী ব্যক্তি । ইয়াৰ লগে লগে অসমত এতিয়ালৈকে মুঠ ১,৩০,৮২৩গৰাকী ব্যক্তি ক’ভিড পজিটিভ চিনাক্ত হৈছে । আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে ৫০৪ জনলৈ ৷
- জুবিন গাৰ্গক কৃষি বিভাগৰ নহয় কৃষি খণ্ডৰহে ব্ৰেণ্ড এম্বেচাদৰ হ’বৰ বাবে কোৱা হৈছিল । এই মন্তব্য কৃষি মন্ত্ৰী অতুল বৰাৰ ৷ লগতে বৰাই কয় বিভাগ আৰু খণ্ডৰ মাজত পাৰ্থক্য আছে ৷ অসমৰ ৰাইজে কথাটো ভুলকৈ বুজিছে ৷
ADVERTISEMENT