কৰ’নাৰ ভয়াবহতাৰ বাবে অনিৰ্দিষ্ট সময়ৰ বাবে বিটিচিৰ পৰিষদীয় নিৰ্বাচন পিচুৱাইছিল যদিও পৰিস্থিতিৰ ভিত্তিত অহা অক্টোবৰ মাহৰ ভিতৰতে বিটিচিৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ধাৰণা কৰা হৈছে । এতিয়া বিটিচিৰ সকলো ৰাজনৈতিক দলেই ককালত টঙালি বান্ধিছে নিৰ্বাচনত জয়ী হোৱাৰ বাবে ।
চিৰাং জিলাৰ অন্তৰ্গত বিটিচিৰ পৰিষদীয় ১৫ নং কাজলগাঁও সমষ্টীৰ ইউপিপিএল দলৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীৰ তিনিখনকৈ নিৰ্বাচনী সভা অনুষ্ঠিত হয় । দুপৰীয়া উজান বজাৰ ভিৰানগাঁও, তাৰপিছতে ৰৌমাৰী আৰু বিয়লি বাংগালডোবাত অনুষ্ঠিত হয় নিৰ্বাচনী সভা। তিনিওখন নিৰ্বাচনী সভাত বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰায় পাঁচ শতাধিক লোকে আনুষ্ঠানিক ভাৱে ইউপিপিএল দলত যোগদান কৰে ।
সভাত উপস্থিত থাকি ইউপিপিএল দলৰ উপ সভাপতি তথা সমষ্টিটোৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীয়ে কয় যে বিগত ১৭ টা বছৰে বিটিচিত শাসন কৰা বিপিএফৰ প্ৰতাৰণাৰ এটা যুগৰ পৰা পৰিত্ৰাণ বিচাৰি পৰিৱৰ্তনৰ বাবে আজি লাখ লাখ লোক ওলাই আহিছে ইউপিপিএল দলক সমৰ্থন কৰিবৰ বাবে । বিপিএফে বিজেপিৰ স’তে মিলিত হৈ আছে, সেয়া সকলোৱে জানে আৰু বুজে । তাৰপিছতো বিজেপিৰে ইউপিপিএলৰ সম্পৰ্ক থকা বুলি বিপিএফে অভিযোগ কৰি আছে ।
গতিকে বিটিচিবাসী ৰাইজে আজি বুজাৰ বাবে ইউপিপিএল দলক সমৰ্থন কৰি এই দৰে মুকলি ভাৱে ওলাই আহিছে। বিগত দিনবোৰত বিপিএফে বিটিচিবাসী সকলো লোককে ঠগিলে । দুৰ্নীতি-ভ্ৰষ্টাচাৰে কোঙা কৰি তুলিলে বিটিচি বাসীক ।
এটাৰ পিছত এটা প্ৰতিশ্ৰুতি দিয়ো ৰক্ষা কৰিব নোৱাৰিলে বিপিএফে। গতিকে এইবাৰ বিটিচি বাসীৰ মুকলি ভাৱে ইউপিপিএল দলক সমৰ্থন কৰি ওলাই অহাত বিপিএফ দল যে নিশ্চিহ্ন হ’ব সেয়া প্ৰমাণিত হৈছে আৰু বিটিচিত ইউপিপিএল ৰ চৰকাৰ হ’ব সেয়া নিশ্চিত হৈছে।”
তিনিওখন সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা বড়ো বোলছবিৰ খুহুতীয়া অভিনেতা ফৈলা জে বৰগয়াৰীয়ে কয় যে, “বিটিচিত বিগত ১৭ টা বছৰ শাসনৰ নামত বিপিএফে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ কৰিলে । মুষ্টিমেয় কেইজন মান লোক ধনী হ’ল কিন্ত সাধাৰণ লোকৰ একো উন্নতি নহ’ল।
বড়ো-অবড়োৰ ৰাজনীতিৰে দুবাৰকৈ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ হোৱা নৱ কুমাৰ শৰণীয়াও একো নকৰিলে, মাথো আমাৰ মাজত বিভাজনহে কৰিলে । বিটিচিত বিজেপি, কংগ্ৰেছ, জিএচপি বা অন্যান্য কোনো দলেই চৰকাৰ গঠন কৰিব নোৱাৰে সেয়া নিশ্চিত।
বিপিএফৰ বিকল্প দল হিচাপে বিটিচিৰ চৰকাৰ গঠন কৰিব পৰা দল মাথো ইউপিপিএল হে আছে । বিটিচিৰ পৰিৱৰ্তনৰ স্বাৰ্থত, বিপিএফৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ স্বাৰ্থত ইউপিপিএল দলৰ বাহিৰে আন কোনো বিকল্প নাই । গতিকে আপোনালোকৰ সমৰ্থনতহে পৰিৱৰ্তনৰ বাবে বিটিচিৰ চৰকাৰ গঠন কৰিব ইউপিপিএল দলে ।”
যোৱা বিটিচিৰ পৰিষদীয় নিৰ্বাচনত ইউপিপিএল দলে চিৰাং জিলাৰ মুঠ ৭ টা পৰিষদীয় সমষ্টিৰ ভিতৰত ৪ টা সমষ্টি দখল কৰিবলৈ সক্ষম হৈছিল । একেদৰে এইবাৰো কমও পাঁচখন আসন দখল কৰাৰ দাবী কৰিছে ইউপিপিএল দলে ।
বিপিএফ দলে বিগত নিৰ্বাচনত চিৰাঙৰ ৭টা সমষ্টিৰ মাত্ৰ এটাতহে জয়ী হৈছিল । এই পৰ্যন্ত নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই যদিও বিপিএফ দলে এইবাৰ কেইটা নিজৰ দখলত ল’ব পাৰে আৰু ইউপিপিএল দলে কেইটা লাভ কৰে সেয়া হ’ব লক্ষ্যণীয় ।