অৰুণোদয় সুফলৰ পৰা দিব্যাংগসকল বঞ্চিত হোৱাৰ আশংকা

Screenshot 81

অৰুণোদয় আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত স্পষ্ট নীতি নাই ৰাজ্য চৰকাৰৰ ৷ ফলত এই অভিলাষী আঁচনিখনৰ সুফল লাভৰ পৰা বঞ্চিত হ’ব ৰাজ্যৰ দিব্যাংগসকল । এই অভিযোগ প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰৰ ৷

এক সংবাদমেলত এই অভিযোগ কৰি মালাকাৰে কয় ৰাজ্যৰ ৰাজকোষৰ ধনেৰে গ্ৰহণ কৰা অৰণোদয় শীৰ্ষক আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত কোনো সংলগ্ন বিভাগকে জড়িত কৰা নাই বিত্ত বিভাগে । ইয়াৰ বিপৰীতে শাসকীয় বিজেপিৰ নেতা-পালিনেতাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিতৰণ কৰিছে এই আঁচনিৰ হিতাধিকাৰী প্ৰপত্ৰ ।

শাসকীয় বিজেপিৰ দলীয় নেতা কৰ্মীয়ে যদি হিতাধিকাৰী বাছনি কৰে , তেন্তে এই আঁচনিৰ সুফল লাভৰ পৰা বঞ্চিত হ’ব ৰাজ্যৰ দিব্যাংগসকল । অৰুণোদয় আঁচনি ৰূপায়ণৰ নামত ৰাজ্য চৰকাৰে দিব্যাংগৰ মাজত পুৰুষ-মহিলাৰ প্ৰভেদ সৃষ্টি কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰচলিত বিধি অনুসৰি দিব্যাংগসকল দিব্যাংগ হিচাপে পৰিচিত ৷

সংৰক্ষণ নীতি বলৱতৰ ক্ষেত্ৰত পুৰুষ-মহিলা উভয়কে দিব্যাংগ হিচাপে ধৰা হয় । তেনেস্থলত অৰুণোদয় আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দিব্যাংগসকলৰ মাজত পুৰুষ মহিলাৰ প্ৰভেদ সৃষ্টি কৰি দিব্যাংগসকলক বঞ্চিত কৰিব বিচৰা হৈছে ।

এই আঁচনিৰ ধন দলীয় পুঁজিৰ নেকি বুলি প্ৰশ্ন কৰি তেওঁ লগতে কয় “অৰুণোদয় আঁচনি নামত আবন্টিত ধনৰাশি যদি বিজেপিৰ দলীয় পুঁজিৰ তেন্তে দলীয় নেতা কৰ্মীৰ জৰিয়তে প্ৰপত্ৰ বিতৰণ তথা হিতাধিকাৰী বাছনিৰ কথাটো সম্পূৰ্ণ সুকীয়া । আৰু যদি এই আঁচনিখন ৰাজ্যৰ ৰাজকোষৰ ধনেৰে ৰূপায়ণ কৰা হৈছে । তেন্তে এই আঁচনিৰ প্ৰপত্ৰ বিতৰণৰ পৰা আৰম্ভ কৰি হিতাধিকাৰী বাছনি কৰালৈকে সকলো বিষয়ত চৰকাৰী বিষয়া কৰ্মচাৰীক জড়িত কৰিব লাগিব ৷ অন্যথা এই আঁচনিৰ হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত খেলিমেলি হোৱাৰ লগতে দিব্যাংগসকল বঞ্চিত হ’ব ৷”

লগতে ৰাজ্যৰ দিব্যাংগসকলে লাভ কৰি থকা মাহেকীয়া ভাট্টাৰ লগতে একেলগে ৮৩০ টকা যোগ কৰি প্ৰতিজন দিব্যাংগক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাৰ বাবে তেওঁ দাবী জনায় । ইপিনে স্বাস্থ্য বিভাগত খালী হৈ থকা ৪০৩ টা পদ পূৰণৰ অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰি প্ৰকাশ কৰা বিজ্ঞাপনৰ সংশোধনীৰ প্ৰতিশ্ৰুতি দিয়ো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰিলে স্বাস্থ্য, শিক্ষা সঞ্চালকালয়ে ৷

ইয়াৰ প্ৰতিবাদত শীঘ্ৰে দিছপুৰ ঘেৰাও কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দি তেওঁ কয় যে ২০১৬ ৰ প্ৰতিবন্ধী আইনৰ ৩৪ নম্বৰ দফা অনুসৰি পদ পূৰণৰ বাবে প্ৰকাশ কৰা যিকোনো বিজ্ঞাপনৰ জৰিয়তে দিব্যাংগৰ বাবে চাৰি শতাংশ পদ সংৰক্ষণ কৰাটো বাধ্যতামূলক । কিন্তু এই সন্দৰ্ভত স্বাস্থ্য বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।

দিব্যাংগসকলক লৈ অব্যাহত ৰখা ল’ৰা ধেমালিৰ প্ৰতিবাদত কৰ’নাৰ ভয়াৱহতাকো নেওচি দিছপুৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈ পৰিব বুলি তেওঁ কয়। লগতে তলাবন্ধৰ সময়ত কেন্দ্ৰীয় চৰকাৰে তিনিমাহৰ বাবে ঘোষণা কৰা তিনি হেজাৰ টকাৰ ফুটাকড়ি এটাও দিব্যাংগসকলে নোপোৱা বুলি তেওঁ উল্লেখ কৰে ।

Exit mobile version