মাইক্ৰ’ৱেভত খাদ্য গৰম কৰাটো আমাৰ স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী? এই সন্দৰ্ভত আমাৰ সকলোৰে মনত প্ৰশ্নৰ উদ্বেগ হয় । কাৰণ আমাৰ প্ৰায় মানুহৰ ঘৰতে মাইক্ৰ’ৱেভ থাকে ৷ আৰু তাক খাদ্য ৰান্ধিবলৈ, গৰম কৰিবলৈ বা বেকিং কৰিবলৈ ব্যৱহাৰ কৰোঁ ৷
গতানুগতিক কৰ্মব্যস্ততাৰে ভৰা প্ৰত্যেকৰে পৰিয়ালত মাইক্ৰ’ৱেভে খাদ্য ৰান্ধিবলৈ আমাক বহু সুবিধা প্ৰদান কৰিছে । বিদুৎৰ দ্বাৰা পৰিচালিত মাইক্ৰ’ৱেভৰ Electromagnetic Radiationৰ দ্বাৰা খাদ্য গৰম হয় ।
সম্প্ৰতি Electromagnetic Radiationৰ দ্বাৰা মাইক্ৰ’ৱেভত খাদ্য ৰন্ধাৰ পাছত খাদ্যৰ জৰিয়তে Radiation আমাৰ শৰীৰলৈ যায় নে? এইয়া এক বৃহৎ প্ৰশ্ন ৷ কিন্তু মাইক্ৰ’ৱেভত প্লাষ্টিকৰ বৰ্তনত খাদ্য গৰম কৰিলে কেমিকেল ৰিয়েকশ্যন হৈ আমাৰ শৰীৰৰ কাৰণে অপকাৰী হ’ব পাৰে।
ঘৰুৱাভাৱে উৎপাদিত শাকপাচলি বা বজাৰৰ পৰা ক্ৰয় কৰা শাক-পাচলিত বহু পৰিমাণে নিউট্ৰিশ্যন থাকে। কিন্তু শাক-পাচলি ধোৱাত অলপ ইফাল সিফাল হ’লেই নিউট্ৰিশ্যন শেষ হৈ যাব পাৰে ৷ যদি পাচলি কাটি হোৱাৰ পাছত চাফা কৰিলে বা ধুলে পাচলি থকা সকলো ভিটামিন নষ্ট হৈ যায় ।লগতে যিকোনো খাদ্য বহু সময় সিজালে বা বেছি তাপত ৰান্ধিলেও নিউট্ৰিশ্যন হ্ৰাস পায় ।
ইপিনে মাইক্ৰ’ৱেভত ৰান্ধিলেও খাদ্যত থকা ভিটামিন বি-১২ নষ্ট হৈ যায় । কিন্তু মাইক্ৰ’ৱেভত যিকোনো খাদ্য সোনকালে ৰান্ধি হয় কাৰণে অলপ পৰিমাণে নিউট্ৰিশ্যন থাকে ৷ মাইক্ৰ’ৱেভত খাদ্য ৰান্ধিলে প্লাষ্টিকৰ বিষক্ৰিয়াও হ’ব পাৰে । প্লাষ্টিকৰ বিষক্ৰিয়াক কোৱা হয় “Phthalates” ৷
বজাৰত সাধাৰণতে পোৱা প্লাষ্টিকৰ সামগ্ৰীসমূহ আমাৰ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক । ইয়াৰ দ্বাৰা আমাৰ হৰ’মন, হজমী শক্তিত প্ৰভাৱ পেলায় । অৱশ্যে বিজ্ঞানীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ মন্তব্য দিব পৰা নাই । যি কি নহওক মাইক্ৰ’ৱেভত খাদ্য গৰম কৰোতে যিকোনো কাঁচৰ পাত্ৰত কৰিব লাগে।
মাইক্ৰ’ৱেভত খাদ্য গৰম কৰোতে খাদ্য সুৰক্ষাৰ প্ৰতিও গুৰুত্ব দিব লাগে। কাৰণ খাদ্য গৰম কৰোতে কেতিয়াবা এটা কোনোবা এটা অংশ সিজাৰ পৰিৱৰ্তে আন এটা অংশ নিসিজাকৈ থাকে ৷ ইয়াৰ দ্বাৰা আমাৰ শৰীৰলৈ বেক্টেৰিয়াৰ আগমণ ঘটিব পাৰে ।
গতিকে গতানুগতিক কৰ্মব্যস্ততাৰ দিনত প্ৰয়োজন অনুসৰিহে মাইক্ৰ’ৱেভত খাদ্য গৰম কৰিব বা ৰান্ধিব লাগে ।