সৰ্ব ধৰ্ম পূজাৰ জৰিয়তে ভাৰতীয় সেনালৈ স্বাগতম ৫ খনকৈ ৰাফেল যুজাঁৰু বিমান

cindiafoto29rafale10

৪৩ দিনৰ পাছত ফান্সৰ পৰা ক্ৰয় কৰা ৫ খন আধুনিক প্ৰযুক্তি বিদ্যাৰ যুঁজাৰু বিমান ৰাফেলক ভাৰতীয় বায়ুসেনা বাহিনীত অন্তৰ্ভুক্ত কৰে । এই সন্দৰ্ভত বায়ুসেনাৰ বিষয়া আৰ কে এচ ভেদোৰিয়াই কয় যে সুৰক্ষাৰ সাম্প্ৰতিক পৰিস্থিতিলৈ লক্ষ্য কৰিলে ৰাফেলক ভাৰতীয় বায়ুসেনাত অন্তৰ্ভূক্ত কৰাৰ ক্ষেত্ৰত এইয়াই উচিত সময় ।

আনহাতে ৰাফেল যুঁজাৰু বিমানক বায়ুসেনাত অন্তৰ্ভুক্ত কৰাৰ সময়ত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ফান্সৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ উপস্থিতত কৰা হয় সৰ্ব ধৰ্ম পূজা । ইয়াৰ পিছত ৰাফেলৰ যুঁজাৰু বিমানে নিজৰ শক্তি প্ৰদৰ্শন কৰে ৷ আম্বালাৰ বায়ু সেনাৰ চাউনীত আজি এক ইতিহাসৰ সৃষ্টি হয়।

১৭ বছৰৰ পাছত দেশৰ কোনো প্ৰতিৰক্ষামন্ত্ৰী হাৰিয়ানাৰ আম্বালাৰ বায়ু সেনাৰ চাউনীত হোৱা অনুষ্ঠানত ভাগ লয় । ইপিনে ভাৰতে ফান্সৰ পৰা ২০১৬ত ৫৮ হাজাৰ কোটি টকাত ৩৬ খন ৰাফেল যুঁঁজাৰু বিমান ক্ৰয় কৰিছিল ৷ ইয়াৰ ভিতৰত ৩০ খন যুঁজাৰু বিমান আৰু বাকী ৬ হ’ব প্ৰশিক্ষণপ্ৰাপ্ত এয়াৰক্ৰাফ্ট ।

জুলাই ৫ তাৰিখে ৫ খন ৰাফেল যুঁজাৰু বিমান আগমণ হয় ভাৰতলৈ । ২৭ জুলাইত সাতজন ভাৰতীয় পাইলটে ৰাফেল লৈ ফান্সৰ পৰা ভাৰতলৈ বুলি ৭০০০ কিলোমিটাৰেৰে ২৯ জুলাইত ভাৰতত উপস্থিত হয় ।

Exit mobile version