আটাচুৰ যুটীয়া সম্পাদকক চিৰাং জিলা ট্ৰাইবেল সংঘৰ সকীয়নি : ৰাজহুৱা ভাৱে ক্ষমা খোজাৰ দাবী

WhatsApp Image 2020 09 11 at 4.22.50 PM

চিৰাং জিলা ট্ৰাইবেল সংঘৰ সভাপতি সুকুমাৰ বসুমতাৰীয়ে আজি আটাচুৰ যুটীয়া সম্পাদকক সকীয়নি দি কয় যে “সদৌ অসম টাই আহোম ছাত্র সন্থাৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁইয়ে ছ’চিয়েল মিডিয়া আৰু কিছু ব্যক্তিগত প’ৰ্টেলত সদৌ অসম ট্ৰাইবেল সংঘৰ কেন্দ্রীয় কমিটিৰ সম্পাদক প্ৰধান আদিত্য খাকলাৰীক উদ্দেশ্য প্ৰণোদিতভাবে অশালীন মন্তব্য কৰা আমাৰ দৃষ্টিগোচৰ হৈছে।

আদিত্য খাকলাৰীয়ে আজি দীর্ঘদিন ধৰি অসমৰ ভূমিপুত্র জনজাতিক নেতৃত্ব প্ৰদান কৰি আহিছে । বৰ্তমান তেওঁ অসমৰ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ মুখ্য সমন্বয়কৰ পদতো অধিস্হিত হৈ জনজাতি সকলৰ বিভিন্ন অমীমাংসিত সমস্যাৰ সমাধানৰ বাবে আৰু অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে বলিষ্ঠ ভাৱে মাত মাতি আহিছে। আহোম সকলে অসমক ছশ বছৰ ৰাজত্ব কৰিছিল। দেশে স্বাধীনতা লাভ কৰাৰ পাছত অসম ৰাজ্যত আহোম জনগোষ্ঠীৰ তিনিজনকৈ মুখ্য মন্ত্রী ক্ষমতাত অধিষ্ঠিত হৈছে। ৰাজ্যৰ সকলো ক্ষেত্রতে তথা আই এ এছ, আই পি এছ, এ চি এছ, এপিএছ সকলোতে আহোম জনগোষ্ঠীৰে দপদপনি ।”

ইমান আগবঢ়া জনগোষ্ঠীক আকৌ কিয় ট্ৰাইবেলৰ মৰ্যাদা লাগে বুলি তেখেতে প্ৰশ্নৰ উত্থাপন কৰে । “জনজাতিকৰণৰ বিৰোধীতা অসমৰ প্ৰতিটো জনজাতীয়ে দ্বিধাহীন ভাৱে কৰি আহিছে আৰু কৰি যাব। কাৰো ৰঙা চকুলৈ আমি ভয় নকৰো । আদিত্য খাকলাৰীয়ে কোন ৰাজনৈতিক দলৰ পৰা দালালি কৰি টিকট লৈ কোন সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছিল সেয়া সাহস আছে যদি স্পষ্ট কৰক। খাকলাৰীয়ে কি দালালি কৰি ব্যক্তিগত মুনাফা আদায় কৰিছে সেয়াও স্পষ্ট কৰিবলৈ আমি প্ৰত্যাহ্বান জনাইছো। এসপ্তাহৰ ভিতৰত তথ্য দিয়ক। অন্যথা ৰাজহুৱা ভাবে ক্ষমা খোজক ।” লগতে ভৱিষ্যতে এনে অশালীন মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে চিৰাং জিলা ট্ৰাইবেল সংঘৰ সভাপতি সুকুমাৰ বসুমতাৰীয়ে ।

Exit mobile version