যোৰহাট আৰক্ষীৰ সফল অভিযান : অৱশেষত আৰক্ষীৰ জালত পৰিল জুৱা-সম্ৰাট ‘পচা’

IMG 20200911 WA0013

যোৰহাট আৰক্ষীৰ এক বৃহৎ সফলতা । অৱশেষত আৰক্ষীৰ জালত পৰিল যোৰহাটৰ জুৱা-সম্ৰাট ‘পচা’। ৰমেশ বাচফৰ ওৰফে পচা নামে খ্যাত বিভিন্ন অসামাজিক কাম-কাজৰ লগত জড়িত তথা এক কুখ্যাত জুৱাৰী গ্রুপৰ চৰ্দাৰটোক বৃহস্পতিবাৰে নিশা যোৰহাট আৰক্ষীয়ে নগৰৰ হৰিজন কলনিৰ নিজ ঘৰৰ পৰাই আন ছজন সংগীসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

বহু দিন ধৰি আৰক্ষীৰ তদন্তত থকা যোৰহাটৰ ম’ষ্ট ৱান্টেড ক্ৰিমিনেল পচাক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰে ডি এচ পি বিভাস দাসৰ নেতৃত্বত এটা বিশেষ দল গঠন কৰি যোৱা কিছুদিন ধৰি কুখ্যাত দলটোৰ গতিবিধি নিৰীক্ষণত ৰাখিছিল। সেই অনুসৰি বৃহস্পতি বাৰে দিনৰ পৰাই ‘পচা’ক জালত পেলাবলৈ আৰক্ষীয়ে সকলো প্ৰস্তুতি চলাইছিল।

অসামৰিক পোচাকত আৰক্ষীয়ে দিনটো অঞ্চলটোত তাৰ গতিবিধি লক্ষ্য কৰি অৱশেষত যেতিয়া জুৱাৰ আড্ডা বহিল বুলি নিশ্চিত হ’ল, তেতিয়াই আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা এটা বৃহৎ আৰক্ষীৰ দলে ম’ষ্ট ৱান্টেড ক্ৰিমিনেল ৰমেশ বাচফৰ ওৰফে পচাৰ ঘৰ ঘেৰাও কৰি ধৰে আৰু জুৱা আৰু মদৰ আড্ডাত মাতাল হৈ থকা পচা সহ আঠজনীয়া জুৱাৰীৰ দলটোক হাতে-লোটে ধৰা পেলাই গ্ৰেপ্তাৰ কৰে ।

বহু বছৰ ধৰি ৰমেশ বাচফৰে আৰক্ষীৰ চকুত ধূলি দি হৰিজন কলনি আৰু গৰমুৰত থকা নিজৰ দুটা বাসভৱনত জুৱাৰ এক বৃহৎ আড্ডা গঢ়ি তুলিছিল । জুৱাৰ এই আড্ডাত দৈনিক লাখ লাখ টকাৰ খেল অনুষ্ঠিত হৈ আহিছিল । যোৰহাট আৰক্ষীয়ে বহু চেষ্টা কৰিছিল যদিও অতিকৈ চতুৰ “পচা”ক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাছিল । বৃহস্পতিবাৰে নিশা ৰমেশ বাচফৰ ওৰফে ‘পচা’ৰ পৰা নগদ ৪২,৫৫০ টকাৰ লগতে জুৱা খেলৰ সামগ্রী জব্দ কৰে আৰক্ষীয়ে ।

পচা কেৱল জুৱাৰ লগতেই নহয় বিভিন্ন অবৈধ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল । বিগত দিনত দুটাকৈ নৃশংস হত্যাকাণ্ডৰ লগত জড়িত অভিযুক্তক অতি কম সময়ৰ ভিতৰতে গ্ৰেপ্তাৰ কৰি আন এক সফল অভিযান চলাবলৈ সক্ষম হ’ল যোৰহাট আৰক্ষীয়ে।

Exit mobile version