সুতৰ ওপৰত সুতৰ বােজা ৰেহাইৰ সম্পৰ্কত নীৰৱ কেন্দ্রীয় চৰকাৰ

supreme court

কৰ’না ভাইৰাছৰ সংকটকালত ঋণ গ্রহণকাৰী সকলৰ সহায়ক হােৱাকৈ বাস্তৱ সিদ্ধান্ত গ্রহণ কৰিবলৈ কেন্দ্রীয় চৰকাৰক দুসপ্তাহৰ সময় বান্ধি দিয়ে উচ্চতম ন্যায়ালয়ে। তলাবন্ধৰ কালছােৱাত ছমাহৰ বাবে ঋণৰ কিস্তি স্থগিতকৰণৰ সুযােগ দিছিল ৰিজাৰ্ভ বেংকে।

সম্প্রতি এই মৰেটৰিয়ামৰ অন্ত পৰাৰ পাছত ঋণ গ্রহণকাৰীসকলে আকৌ সুতৰ ওপৰত সুত আদায় দিব লাগিব। এই ক্ষেত্ৰত ৰেহাই বিচাৰি একাংশ ঋণগ্রস্তই উচ্চতম ন্যায়ালয়ত দ্বাৰস্হ হয় । এই সম্পর্কে একাধিক গােচৰৰ পৰিপ্ৰেক্ষিতত শুনানি কালত বৃহস্পতিবাৰে কেন্দ্রীয় চৰকাৰ আৰু ৰিজাৰ্ভ বেংকক শেষ সুযােগ দিলে উচ্চতম ন্যায়ালয়ে।

ন্যায়াধীশ অশােক ভূষণৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে আগন্তুক দুসপ্তাহৰ ভিতৰত নির্দিষ্ট পৰিকল্পনা আদালতত দাখিল কৰিবলৈ নিদের্শ দিয়ে কেন্দ্রীয় চৰকাৰক। উচ্চতম ন্যায়ালয়ে কয়, ‘আমি এটা নির্দিষ্ট সিদ্ধান্ত লবলৈ দুসপ্তাহ সময় দিছো কেন্দ্ৰক । এই বিষয়টো সমাধানৰ বাবে পৰিকল্পনা গ্রহণ কৰিবলৈ এয়া কেন্দ্ৰ আৰু আৰ বি আইৰ বাবে শেষ সুযােগ।’

কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা ন্যায়ালয়ক জনােৱা হয় যে উচ্চস্তৰীয় আলােচনা চলি আছে । চৰকাৰে সকলাে পক্ষৰ স’তে কথা পাতিছে। ন্যায়ালয়ে কয় যে চৰকাৰে নিশ্চিতভাৱে ঋণ গ্রহণকাৰী সকলৰ সকাহৰ বিষয়ে ভাবিব লাগিব।

উল্লেখ্য যে এই মৰেটৰিয়ামৰ ম্যাদৰ অন্ত পৰে যােৱা ৩১ আগষ্টত। আৰম্ভণিতে এই ঋণৰ কিস্তি স্থগিতকৰণ গ্রাহকৰ বাবে সুবিধাজনক যেন বােধ হৈছিল । কোৱা হৈছিল যে ঋণগ্রস্তসকলে ইচ্ছা কৰিলে মাহিলি কিস্তি নিদিয়াকৈ থাকিব পাৰিব।

এই কিস্তি আদায়ৰ ৰেহাইৰ ম্যাদ ছমাহৰ আছিল আৰু যােৱা ৩১ আগষ্টত ই অন্ত পৰে। সাময়িকভাৱে স্বস্তিজনক হলেও পৰৱর্তীপর্যায়ত দেখা গ’ল যে ছমাহৰ ঋণৰ সুতৰ ওপৰত গ্রাহকে আকৌ সুত আদায় দিব লাগিব।

অর্থাৎ ছমাহৰ ঋণৰ সুতৰ ওপৰত সুত যােগ কৰি বেংকক পৰিশােধ কৰিব লাগিব। ইয়াকে লৈ ঋণ গ্রহণকাৰীসকলৰ মাজত চৰম অসন্তুষ্টিৰ সৃষ্টি হয় আৰু একাংশই আদালতৰ কাষ চাপে। এই ক্ষেত্ৰত দাখিল হােৱা একাধিক গােচৰ একেলগ কৰি শুনানি গ্রহণ কৰিছে ন্যায়াধীশ অশােক ভূষণ, সুভাশ ৰেড্ডী আৰু এ আৰ শ্বাহৰ বিচাৰপীঠে।

Exit mobile version