নগাঁৱৰ মৰিকলঙত মাস্ক পিন্ধাক কেন্দ্ৰ কৰি সংঘাত

IMG 20200913 WA0067

আজি পুৱা প্ৰায় ৬ বজাত নগাঁও চহৰৰ মৰিকলং আৰক্ষী চকীৰ আৰক্ষীৰ সৈতে মাস্ক পিন্ধাক কেন্দ্ৰ কৰি একাংশ লোকৰ সংঘাতৰ সৃষ্টি হয় । আজি পুৱা মৰিকলং চাৰিআলিত মৰিকলং আৰক্ষীয়ে মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে অভিযান চলাইছিল ।

মাস্ক পৰিধান নকৰাকৈ চহৰখনত গাখীৰ বিক্ৰী কৰিবলৈ অহা এজন ব্যৱসায়ী লোকৰ লগতে আন কে’বাজনো লোকে মাস্ক পৰিধান নকৰাৰ সন্দৰ্ভত প্ৰশ্ন কৰাত এই সংঘাতৰ সূত্ৰপাত হয়।

আৰক্ষী আৰু একাংশ লোকৰ মাজত এই সন্দৰ্ভত তৰ্কাতৰ্কি লাগি থকা সময়তে কেইজনমান লোকে মৰিকলং আৰক্ষী চকীৰ কনিষ্টবল ৰতন মুক্তিয়াৰক প্ৰচণ্ড ঘোচা শোধোৱাৰ লগতে মাৰ-ধৰ কৰে । ফলত আৰক্ষী কনিষ্টবলজন গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় ।

ইয়াকে কেন্দ্ৰ কৰি মৰিকলং চাৰিআলিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । পিছত উচ্চ-পদস্থ আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । ঘটনাটোত আহত আৰক্ষী কনিষ্টবল গৰাকীক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰা হয় ।

আৰক্ষী কনিষ্টবল জনক আক্ৰমণ কৰা ঘটনাৰ লগত জড়িত ৪ জন লোকক আৰক্ষীয়ে চিনাক্ত কৰিছে । ইয়াৰে অজিত সিং নামৰ লোকজনক ইতিমধ্যে মৰিকলং আৰক্ষীয়ে আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে । এই ঘটনাৰ লগত জড়িত আন ৩ জন ক্ৰমে মনোজ চৌহান, মিন্টু আৰু গাখীৰ ব্যৱসায়ী বীৰেন্দ্ৰ সিঙৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাইছে যদিও তেওঁলোক পলাতক হৈ আছে বুলি জানিব পৰা গৈছে।

Exit mobile version