নাম নোলোৱাকৈয়ে কংগনালৈ শৰ নিক্ষেপ উদ্ধৱ থাকৰেৰ

onm1lce udhav

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই আজি এক ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাজ্যবাসীক সম্বোধন কৰে ৷ মুখ্যমন্ত্ৰী থাকৰেয়ে অভিনেত্ৰী কংগনাক লৈ হোৱা বিবাদৰ বিষয়ে প্ৰথমতেই কয় যে ৰাজ্যখনত হৈ থকা ৰাজনীতিৰ সন্দৰ্ভত তেওঁ এতিয়া নহয়, পাছত ক’ব ৷

মুখ্যমন্ত্ৰী উদ্ধৱ থাকেৰেয়ে কংগনাৰ নাম নোলোৱাকৈয়ে কয় যে তেওঁৰ নিৰৱতাক দুৰ্বলতা বুলি ভাবিব নালাগে । অৱশ্যে ইয়াৰ পিছত মুখ্যমন্ত্ৰী থাকৰেয়ে ৰাজ্যখনত শেহতীয়াকে কৰ’না ভাইৰাছৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে।

“বিগত দিনত আমি কৰ’না ভাইৰাছৰ বিৰুদ্ধে বহুত যুঁজিছো । লগতে ৰাজনৈতিক সংকটৰো সন্মুখীন হৈছো ৷”এই মন্তব্য মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ ।

ইপিনে উদ্ধৱ থাকৰে আৰু কংগনা ৰানাউটৰ মাজত হোৱা যুদ্ধখনে দেশৰ ৰাজনৈতিক মহলত বহু চৰ্চা লাভ কৰিছে । BMCয়ে ৯ ডিচেম্বৰত কংগনাৰ মণিকৰ্ণিকা ছবিৰ কাৰ্যালয়ত প্ৰায় দুঘণ্টা ধৰি উচ্ছেদ কৰে ৷ কংগনাই এই উচ্ছেদৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন কৰে ৷ আৰু ন্যায়ালয়ে দিয়া ৰায়ৰ পাছতে কংগনা কাৰ্যালয়ত BMCৰ উচ্ছেদ স্থগিত হয় । আৰু কংগনাই মহাৰাষ্ট্ৰ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ।

কংগনা মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক তই বুলি সম্বোধন কৰি কয় “আজি মোৰ ঘৰ ভাঙিছ, কাইলৈ তোৰ অহংকাৰ পতন হ’ব ৷ উদ্ধৱ থাকৰে, তই ছবি মাফিয়াৰ লগত মিলিত হৈ মোৰ ঘৰ ভাঙি বহু ডাঙৰ কাম কৰিছ ।”এনেদৰে বিভিন্ন কটু মন্তব্যৰে থকা সৰকা কৰে উদ্ধৱ থাকৰেক ।

ইয়াৰ পাছত পুনৰ কংগনাই টুইট কৰে “তোমাৰ পিতৃৰ ভাল কামে সম্পত্তি দিলেও সন্মান তুমিয়েই আৰ্জিব লাগিব । মোৰ মুখখন বন্ধটো কৰিবা ৷ কিন্তু মোৰ পাছত শতাধিক বা লাখ লাখ মুখক কেনেদৰে বন্ধ কৰিবা ৷ সত্যৰ পৰা কিমান পলাবা ৷ তুমি একো নহয় বংশৰ এটা নমুনাহে।”

আনহাতে মহাৰাষ্ট্ৰ চৰকাৰে কংগনাৰ বিৰুদ্ধে ড্ৰাগছ লোৱাৰ সন্দৰ্ভত তদন্ত কৰিবলৈ দিছে । ৰাজ্যখনৰ গৃহ মন্ত্ৰণালয়ৰ আদেশত মুম্বাই পুলিচৰ তদন্ত কাৰী সংস্থাই তদন্ত কৰিব ।

উল্লেখযোগ্য যে সম্প্ৰতি সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰ গ্ৰেপ্তাৰ হোৱা ৰিয়া চক্ৰৱৰ্তীয়ে ভাষ্য অনুসৰি বলীউডৰ বহু ৰথী-মহাৰথী মাদক দ্ৰব্য সেৱনৰ কাৰণে তদন্তৰ আওতাত জেৰা কৰিব।

Exit mobile version