মুম্বাইত পাঁচদিন থকাৰ পিছত আজি জ্যেষ্ঠ ভগ্নী ৰংগোলীৰ লগত কংগনা উপস্থিত হয়গৈ গৃহ চহৰ হিমাচল প্ৰদেশত ৷ ৯ ছেপ্টেম্বৰত কংগনা মুম্বাইত উপস্থিত হৈছিল ৷ আজি কংগনা নিজৰ গৃহ চহৰলৈ যাওঁতে মহাৰাষ্ট্ৰ চৰকাৰক উদ্দেশ্য কৰি পাঁচটা টুইট কৰে ।
মুম্বাই এৰাৰ পূৰ্বে কংগনাই শিৱসেনাক ইংগিতেৰে বুজাই দিয়ে যে তেওঁ এখন গধুৰ হৃদয় লৈ মুম্বাই এৰি যাবলৈ ওলাইছে । কংগনাক দুৰ্বল ভাবি ভুল নকৰিবলৈ কংগনাই সকিয়নী দিয়ে ৷
উল্লেখ্য শিৱসেনাৰ ভাবুকিকো উপেক্ষা কৰি কেইদিনমান পূৰ্বে মুম্বাইত উপস্থিত হৈছিল কংগনা ৰানাউট ৷ ইয়াৰ পাছতেই মুম্বাইৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতেই কংগনা সন্মুখীন হ’বলগীয়া হৈছিল শিৱ সেনাৰ সমৰ্থকৰ প্ৰতিবাদৰ সন্মুখীন হৈছিল ।
মহাৰাষ্ট্ৰ চৰকাৰ আৰু শিৱসেনাৰ সৈতে তীব্ৰ বাক-বিতণ্ডা মাজতে দেওবাৰে বিয়লি মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোছিৱাৰিক সাক্ষাৎ কৰে অভিনেত্ৰী কংগনা ৰানাউটে । এই সময়ত কংগনাৰ লগত আছিল জ্যেষ্ঠ ভগ্নী ৰংগোলী ৷ ৰাজ্যপাল ভগত সিং কোছৱাৰীৰ সৈতে প্ৰায় ৪৫মিনিট ধৰি বাৰ্তালাপ কৰে অভিনেত্ৰী গৰাকীয়ে ।
এই সময়চোৱাত অভিনেত্ৰীগৰাকীয়ে ৰাজ্যপালৰ সন্মুখত বিগত সময়ত সন্মুখীন হোৱা অসুবিধাৰ সন্দৰ্ভত অৱগত কৰে । ৰাজ্যপালক সাক্ষাৎ কৰাৰ পাছতে কংগনাই কয় “মই ৰাজ্যপালৰ সন্মুখত কৈছো যে, “মোক অন্যায় কৰা হৈছে। মই আশা কৰিছো যে মই ন্যায় লাভ কৰিম ৷ ইয়াৰ দ্বাৰা যুৱতীসকলৰ সমগ্ৰ চিষ্টেমটোত গুৰুত্ব বাঢ়িব।”
লগতে কংগনাই কয় “মই বহু সৌভাগ্যশালী ৷ কাৰণ ৰাজ্যপালে মোক নিজৰ কন্যাৰ নিচিনাকৈ সকলো কথা শুনিছে আৰু মই আশা কৰিম মই ন্যায় পাম।”
উল্লেখযোগ্য যে, বিগত সময়ত কংগনাই মায়ানগৰী মুম্বাইক পাকিস্তানৰ লগত তুলনা কৰিছিল । ইয়াৰ পিছত BMC য়ে শিৱসেনাৰ ইংগিতত কংগনাৰ কাৰ্যালয়টো অবৈধ বুলি উচ্ছেদ চলায় । অৱশ্যে পাছত উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত BMCয়ে এই উচ্ছেদ স্থগিত ৰাখে ।
ইয়াৰ পাছতেই কংগনাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক কটু মন্তব্যৰে সমালোচনা কৰে । আনকি মুখ্যমন্ত্ৰী থাকৰেক “তই” বুলি ক’বলৈও আপোচ নকৰিলে কংগনাই । তাৰ মাজতে উদ্ধৱ থাকৰেই কয় “মোৰ নিৰৱতাক দুৰ্বলতা বুলি ভাবিব নালাগে ।” গতিকে কংগনা আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ মাজত এই বাক বিতণ্ডাই অনাগত দিনত কি ৰূপ লয় সেইয়া হ’ব লক্ষ্যণীয় ৷