আমাৰ প্ৰত্যেকৰে কৰ্মব্যস্ততাৰ মাজত যদি মূৰৰ বিষ হয় বা মাইগ্ৰেনত আক্ৰান্ত হওঁ, তেনেহলে আমাৰ যিমানে প্ৰয়োজনীয় কাম নহওক কিয় মনোযোগ দিয়াত যথেষ্ট অসুবিধাৰ সৃষ্টি হয় ৷ সাম্প্ৰতিক সময়ত কিশোৰ কিশোৰীৰ লগতে বহু জন মাইগ্ৰেনত আক্ৰান্ত হোৱা দেখা যায় এই সন্দৰ্ভত Migraine Research Foundationৰ মতে বিশ্বৰ প্ৰায় ১২শতাংশ লোক মাইগ্ৰেনত ভূগে ।
মাইগ্ৰেন হ’লে আমি উচ্চ হাৰত লগোৱা সংগীত, লাইট আদিৰ পৰা আঁতৰত থাকিব বিচাৰো । মাইগ্ৰেনৰ পৰা উপশম পোৱা এটা উপায় হ’ল টোপনি ৷ গতিকে মাইগ্ৰেন হোৱা লোকসকলে উজ্জ্বল লাইট, উচ্চ সংগীত, মানসিক চিন্তা আদিৰ পৰা আঁতৰত থাকিব লাগিব ৷
কিন্তু মাইগ্ৰেনত আক্ৰান্ত লোকসকলে ঘৰুৱাভাৱেও ইয়াৰ প্ৰতিকাৰ কৰিব পাৰে ৷ ইয়াৰ ভিতৰত যিকোনো তেল বা আপুনি স্বাভাৱিকতে ব্যৱহাৰ কৰা তেলৰ দ্বাৰা মাইগ্ৰেনৰ পৰা উপশম পাব পাৰি । এক বিশেষ গৱেষণা অনুসৰি মাইগ্ৰেন হ’লে যিকোনো তেল ব্যৱহাৰ কৰিলে প্ৰায় ১৫ মিনিটমানৰ ভিতৰতে উপশম লাভ কৰে । লগতে তেল ব্যৱহাৰ কৰিলে টোপনিও ভালকৈ হয় । লগতে মানসিক অৱসাদৰ পৰাও শান্তি পোৱা যায় ।
ইপিনে শৰীৰত পানীৰ পৰিমাণ কম হ’লেও মাইগ্ৰেন হ’ব পাৰে । গতিকে আমাৰ শৰীৰটোক যিমান পাৰি পানীৰ যোগান ধৰিব লাগে ৷ গতিকে শৰীৰত পানীৰ যোগান ধৰাৰ যিকোনো ফল, শাক-পাচলি খাব লাগে ৷ গতিকে শৰীৰত পানীৰ পৰিমাণ কম হ’লেও যে মাইগ্ৰেন হ’ব পাৰে সেইটো কেতিয়াও পাহৰিব নালাগে । শ শ বছৰ ধৰি আদাই আমাৰ বিভিন্ন বিষ উপশম কৰি আহিছে ৷
লগতে খাদ্য হজম নোহোৱা,বমি ভাব হোৱা আদি বিভিন্ন ৰোগত আদা মহৌষধ ৷ যদি আদাৰ এটা পেষ্ট তৈয়াৰ কৰি চেলাউৰিৰ মাজত প্ৰলেপ লগোৱা হয় তেন্তে মাইগ্ৰেনৰ পৰা উপশম পাব পাৰি ৷ লগতে আদা দিয়া চহা সেৱন কৰিলেও মাইগ্ৰেন ভাল হয় ।
সাম্প্ৰতিক সময়ত যোগাসন আমাৰ জীৱনত আটাইতকৈ প্ৰয়োজনীয় ৷ যোগাসনে আমাৰ শৰীৰৰ বিষৰ বিৰুদ্ধে হৰম’নৰ লগত যুদ্ধ কৰে । লগতে আমাৰ মন, মগজু ,শৰীৰত প্ৰভাৱ পেলায় । শৰীৰত তেজৰ চলাচল নিয়মীয়া কৰে। আৰু আমাৰ শৰীৰক ৰোগ প্ৰতিৰোধ ক্ষমতাকো বৃদ্ধি কৰে ৷ গতিকে মাইগ্ৰেনৰ কাৰণে যোগাসন কৰাটো খুবেই প্ৰয়োজনীয় ৷