- সমগ্ৰ দেশতে কৰ’নাৰ সন্ত্ৰাস ৷ ভাৰতত সম্প্ৰতি ভাৰতীয় সেনা,এয়াৰফৰ্চ আৰু বায়ুসেনাৰ বহু জোৱান আক্ৰান্ত হৈছে কৰ’নাত ৷ ইয়াৰ ভিতৰত ১৭,৭৫৮ জন ভাৰতীয় সেনা বাহিনীৰ জোৱান, ১৭১৬ জন বায়ু সেনাৰ, ১৩৬৫ জন জল সেনাৰ জোৱান আক্ৰান্ত হৈছে কৰ’নাত । ইয়াৰ ভিতৰত সকলোতকৈ বেছি আছিল ৩২ জন আৰ্মী আৰু তিনিজন বায়ুসেনাৰ লোক আক্ৰান্ত হৈছে কৰ’নাত ৷ বুধবাৰে লোকসভাত এই তথ্য দিয়ে কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী শ্ৰী পদ নাইকে । তেওঁ কয় যে, কৰ’নাৰ সময়ত মৃত্যু মুখত পৰা সেনা জোৱানসকলৰ পৰিয়ালক সকলো প্ৰকাৰৰ সুবিধা দিয়া হ’ব ৷
- দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ৫০,৬০,৮১৮ জনলৈ বৃদ্ধি পালে ৷ সুস্থ হোৱা লোকৰ সংখ্যাই ১০ লাখৰ ঘৰ অতিক্ৰম কৰিছে ৷
- দেশত পাঁচখন ৰাজ্যত কৰ’নাৰ সকলোতকৈ বেছি আক্ৰান্ত হৈছে ৷ তাৰ ভিতৰত আছে মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, উত্তৰপ্ৰদেশ আৰু তামিলনাডু ৷
- কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ অনুসৰি বিগত ২৪ ঘন্টাত ৯০ হাজাৰ ১২৩ জন লোকৰ আক্ৰান্ত হৈছে কৰ’নাত ৷ মৃত্যু হৈছে ১২৯০ জন লোক ।
- পুনেৰ ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই অক্সফ’ৰ্ড আৰু এক্সট্ৰাজেনেকাৰ কৰ’না ভেকচিনৰ ট্ৰায়েল আৰম্ভ কৰিবলৈ অনুমতি দিয়ে । এই সন্দৰ্ভত DCGI য়েও অনুমতি দিয়ে ৷
- চলিত সপ্তাহত দেশত ৬.৫০ লাখ লোক আক্ৰান্ত হয় কৰ’নাত ৷ ইয়াৰ বিপৰীতে আমেৰিকাত ২লাখ ৫৮ হাজাৰ আৰু ব্ৰাজিলত ২ লাখ ২৪ হাজাৰ ১৭৫ টা পজিটিভ কেছ পোৱা যায় ।
- ৰাজস্থানৰ মুখ্যমন্ত্ৰী আশোক গেহলটে কয় যে সাম্প্ৰতিক সময়ত কৰ’নাৰ লগত প্ৰতিজন ব্যক্তিয়ে যুঁজ দিব লাগিব ৷ গতিকে অনাগত চাৰি সপ্তাহৰ কাৰণে প্ৰত্যেকেই মাস্ক পৰিধান কৰাটো জৰুৰী ৷
ADVERTISEMENT