বলীউডত আৰম্ভ হোৱা সুশান্ত সিং ৰাজপুতৰ বিবাদে সম্প্ৰতি সংসদৰ মজিয়া পালেগৈ ৷ সংসদত সাংসদ জয়া বচ্চনে যিখন থালিত খাই সেইখন থালিৰে বদনাম গাই বুলি দিয়া মন্তব্যক লৈ তৰ্ক বিতৰ্কৰ সূত্ৰপাত হৈছে । জয়া বচ্চনৰ এই মন্তব্যক লৈ কংগনা ৰানাউটে বুধবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ।
কংগনাই টুইট কৰিছিল “কোন খন থালি দিছে জয়াজী আৰু তেওঁৰ ইণ্ডাষ্ট্ৰীয়ে ৷ মই এই ইণ্ডাষ্ট্ৰীক ফেমিনিজম শিকাইছো ৷ থালি দেশভক্তি আৰু নাৰী প্ৰধান ছবিৰে সজোৱা হয় । এইখন মোৰ নিজৰ থালি জয়াজী, আপোনাৰ নহয় ।” আনহাতে জয়া বচ্চনে সংসদত দিয়া মন্তব্যৰ পাছতে মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰেৰ চৰকাৰে মুম্বাইত অমিতাভ বচ্চনৰ ঘৰত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে ৷
ইপিনে এই সমগ্ৰ বিবাদটো আৰম্ভ হৈছিল সংসদত বিজেপি সাংসদ ৰবি কৃষাণে ১৪ ছেপ্টেম্বৰত দিয়া এটা মন্তব্যৰ পিছত ৷ সাংসদ ৰবি কৃষাণে বলীউডত ড্ৰাগছৰ লগত জড়িত লোকসকলৰ সন্দৰ্ভত তদন্ত কৰিবলৈ আহ্বান কৰিছিল NCBক ।
ইয়াৰ পাছত মংগলবাৰে সাংসদ জয়া বচ্চনে ড্ৰাগছৰ সন্দৰ্ভত কয় “কিছুমান লোকৰ কাৰণে আপুনি সমগ্ৰ ছবি ইণ্ডাষ্ট্ৰীটোক দোষ দিব নোৱাৰে ৷ মোৰ লাজ লাগিছে যে কালি আমাৰ ছবি ইণ্ডাষ্ট্ৰীৰ লগত জড়িত এজন সদস্যই ইয়াৰ বিৰোধিতা কৰিছে । এয়া অত্যন্ত দুখজনক । যিখন থালিত খাই সেইখন থালীৰে বদনাম গায়।”
আনহাতে জয়া বচ্চনৰ এই মন্তব্যৰ পিছতেই কঠোৰ সমালোচনা কৰে কংগনাই ৷ আৰু এই বিতৰ্কই শেহতীয়াকৈ কি ৰূপ লয় সেয়া হ’ব লক্ষ্যণীয় ৷