বিগ বছ-১৪ত দেখা যাব জনপ্ৰিয় ইউটিউবাৰ কেৰী মিনতিক

carryminatibb14 1600234466

ছ’চিয়েল মিডিয়াত সততে তোলপাৰ লগোৱা কেৰী মিনতি অৰ্থাৎ অজেয় নাগৰক দেখিবলৈ পোৱা যাব বিগ বছ-১৪ ত ৷ এক বিশেষ সূত্ৰৰ মত অনুসৰি ইতিমধ্যে ফৰিদাবাদৰ ২১ বছৰীয়া YouTuber কেৰী মুম্বাইত উপস্থিত হৈছে আৰু ১৪ দিনৰ কাৰণে এখন হোটেলত কোৱাৰেন্টাইন হৈ আছে ৷ অক্টোবৰৰ ১ তাৰিখৰ পৰা আৰম্ভ হ’ব লগা বিগ বছ-১৪ অনুষ্ঠানটো মুম্বাইৰ ফিল্ম চিটিত দৃশ্যগ্ৰহণ হ’ব ।

ইফালে বিগ বছত অংশ ল’ব লগা ১৪ গৰাকী প্ৰতিযোগীয়ে ইতিমধ্যে সকলো ধৰণৰ মেডিকেল টেষ্ট সম্পন্ন কৰিছে । অক্টোবৰৰ ৩ তাৰিখৰ পৰা “কাৰ্লাছ”ত সম্প্ৰচাৰিত হ’ব বিগ বছ-১৪ ৷ আনহাতে বিগ বছ-১৩ ৰ জনপ্ৰিয় সিদ্ধাৰ্থ শুক্লা আৰু শ্বেহনাজ গিলে প্ৰথম দৰ্শনীটোত ছলমান খানৰ লগতে উপস্থিত থাকিব  ৷

লগতে তেওঁলোকে বিগ বছৰ ১৪ৰ ঘৰত অংশ ল’বলৈ অহা প্ৰতিযোগীসকলৰ দক্ষতাৰ পৰীক্ষা ল’ব ৷ বিগ বছ-১৪ত কেৰী মিনতিৰ ওপৰিও আন চাৰিজন ইউটিউবাৰে অংশ ল’ব ৷ কেৰীৰ লগতে বাকী ছ’চিয়েল মিডিয়া ষ্টাৰসকল সম্প্ৰতি মুম্বাইত হোটেলত কোৱাৰেন্টাইন হৈ আছে ।

কেৰী মিনতিৰ লগতে বিগ বছ-১৪ত অংশ ল’ব লগা ষ্টাৰসকল হৈছে জেছমিন ভাচিন, পবিত্ৰ পুনিয়া, ছাৰা গুৰপাল, নেইনা সিং, নিশান্ত মালকানি, জান কুমাৰ চানু, নিক্কী তামব’লি ৷ চলিত বৰ্ষৰ বিগ বছত টেলিভিশ্যন ষ্টাৰৰ লগতে ইউটিউবৰ ষ্টাৰসকলেও অংশ লৈছে ।

উল্লেখযোগ্য যে কেৰী মিনতি হৈছে সাম্প্ৰতিক সময়ত আটাইতকৈ চৰ্চিত নাম ৷ কেৰীৰ ইউটিউব ভিডিঅ’সমূহত ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং হৈ থকা বিষয়বোৰৰ ওপৰত চৰ্চিত হোৱা দেখিবলৈ পোৱা যায় ৷

Exit mobile version