চিৰাং জিলাৰ বিজনী মহকুমাৰ পাণবাৰী থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ তথা মানাহ সংলগ্ন ১নং চিকাঝোৰা গাঁৱৰ ১০টাকৈ বাসগৃহ বনৰীয়া হাতীয়ে ভাঙি চুৰমাৰ কৰাৰ উপৰিও ধান-চাউল খাই থৈ যায় । মানাহৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে বনাঞ্চলত খাদ্যৰ নাটনিৰ বাবে খাদ্যৰ সন্ধানত ওলাই আহি এইদৰে তাণ্ডৱ চলায় ।
নিশা বন্যহস্থীৰ আক্ৰমণৰ সময়ত ঘৰৰ লোকে কোনোমতে ঘৰৰ বেৰ ভাঙি নিজৰ জীৱন বচাবলৈ সক্ষম হয় । দীৰ্ঘদিনৰ পৰাই চিৰাং জিলাৰ উত্তৰাঞ্চলত বিশেষকৈ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীয়ে ব্যাপক ক্ষতিসাধন কৰা পৰিলক্ষিত হৈছে ।
বিশেষকৈ বিষ্ণুপুৰ তথা ভূটান সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীয়ে গ্ৰামাঞ্চলৰ লোকৰ মাজত সন্ত্ৰাস চলাই আহিছিল যদিও এই ক্ষেত্ৰত বন্যহস্তীক ভেটিবলৈ বন বিভাগে যিদৰে ব্যৱস্থা ল’ব লাগিছিল সেইদৰে এই পর্যন্ত কোনো ব্যৱস্থা নোলোৱাৰ ফলতেই সঘনাই জিলাখনত বন্যহস্তীৰ আক্ৰমণত মানুহৰ ঘৰৰ লগতে খেতিপথাৰ ধ্বংস হোৱাৰ ওপৰিও প্ৰতিবছৰেই বহু কেইজনকৈ লোকৰ মৃত্যু হয় ।
বিশেষকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীক ৰোধিবলৈ কোনোধৰণৰ ফেন্সিং বা প্ৰতিৰোধৰ ব্যৱস্থাই নাই । সেয়ে অতি শ্ৰীঘ্ৰেই এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে ।