কৰ’নাৰ ভয়াবহতাৰ মাজতে চিৰাঙত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ

88fab52c 293c 4827 9527 f4c53a6380bc

কৰ’নাৰ ভয়াবহতাৰ মাজতে চিৰাঙৰ ১৮ নং মানাস সেৰফাং পৰিষদীয় সমষ্টিত বিজেপিৰ নিৰ্বাচনী সভাত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত চিৰাঙৰ দুঠাইত ক্ৰমে ১নং বিষ্ণুপুৰ আৰু উলুবাৰীত বিজেপি দলৰ নিৰ্বাচনী সভা অনুষ্ঠিত হয় ।

পুৱা ১৮ নং মানাস সেৰফাং পৰিষদীয় সমষ্টীৰ প্ৰাৰ্থী শিবনাথ ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰত মন্ত্ৰী হাজৰিকাই অংশগ্ৰহন কৰে । মন্ত্ৰী পীযুষ হাজৰিকাই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কয় যে বিটিচিত বিগত সময়ত অগাধ দুৰ্নীতি সংঘটিত হৈছে ।

গতিকে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল বিজেপি দলক বিটিচি গঠনৰ বাবে ৰাইজক বিজেপি দলৰ প্ৰাৰ্থীক ভোটদানৰ আহ্বান জনায়। তেওঁ কৰ’নাৰ এই ভয়াৱহতাৰ মাজতে বাধ্যত পৰি নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ বাবে ৰাইজৰ ওচৰত ক্ষমা বিচাৰি মাস্ক বিতৰণ কৰে আৰু ৰাইজক মাস্ক পিন্ধাৰ বাবে আহ্বান জনায় । মন্ত্ৰী জনে কয় যে কংগ্ৰেছৰ উদ্যোগত যোৱা ডিচেম্বৰ মাহত নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰাৰ বিৰোধিতা কৰি বিজেপি নেতা-কৰ্মীৰ ঘৰত জুই লগাইছিল ।

আমি কিয় হিন্দু বাংলাদেশী লোকক নাগৰিকত্ব দিব লগীয়া হ’ল যে বদৰুদ্দিন আজমলে অসমীয়াৰ অস্থিত্ব নোহোৱা কৰিব বিচাৰিছে । অনাগত দিনত বদৰুদ্দিন বিটিচিৰ মুখ্য হৈ যে নবহিব তাৰো কোনো নিশ্চয়তা নাই। গতিকে তেনে ধৰণৰ লোকৰ প্ৰতিৰোধৰ বাবেই আমি বিজেপি দলে নাগৰিকত্ব সংশোধনী আইন আনিলো ।

সেই সময়ৰ গুৱাহাটীত জুই লগোৱাসকলে এতিয়া নতুন দল গঠন কৰিলে । নতুন দলেই যদি গঠন কৰিব লাগে তেনেহলে গুৱাহাটীত জুই কিয় জ্বলালে, অসম কিয় ধ্বংশ কৰিলে বুলি প্ৰশ্ন কৰি মন্ত্ৰী হাজৰিকাই কয় যে নতুন দলে দুহেজাৰ ভোটতে থমকি থাকিব লাগিব। আমি কি অসমীয়া নহয় নেকি ? সৰ্বানন্দ সোনোৱাল অসমীয়া নহয় নেকি বুলি প্ৰশ্ন কৰে মন্ত্ৰীজনে ।

তেওঁ আৰু কয় যে এই আইন গৃহীত হোৱাৰ পিচত বঙালী ভাই সকলৰ ডি ভোটাৰ সমস্যা আৰু ডিটেনচন কেম্পৰ সমস্যা চিৰদিনৰ বাবে সমাধান হ’ল । আমি অসমীয়া আৰু বঙালী ভাই সকলে মিলি অসম ৰক্ষা কৰিব লাগিব বুলি কয় মন্ত্ৰী হাজৰিকাই । তেওঁ আৰু কয় যে বিজেপি দলে ভাৰতৰ উন্নয়নৰ পৰা আৰম্ভ কৰি সকলো কৰিলে । ভাৰতৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে চীনৰ ৰঙা চকুকো ভয় কৰা নাই ।

পাকিস্তানটো সোমাই মাৰিব পৰা হ’লো আমি । গতিকে বিজেপিৰ প্ৰতি ৰাইজৰ গভীৰ আস্থা আছে বাবেই ভোট দিব সেয়া নিশ্চিত। এই সময়ত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাত আমি ভয় খোৱা নাই । অসমীয়া হিচাবে এই মিত্ৰতা মোৰ অভিমানত আঘাত কৰিছে । অসমত এ আই ইউ ডি এফৰ দৰে সাম্প্ৰদায়িক দলে অসমীয়া নামটো মচি দিব বিচাৰিছে । এই দৰে থাকিলে অসমীয়া নামটো মচি পেলাব সেয়া খাটাং ।

এতিয়াই কোনো কোনো ঠাইত অসমীয়াৰ অস্থিত্ব নোহোৱা হ’ল । তেনে এটা সাম্প্ৰদায়িক দলৰ সৈতে মিত্ৰতা কৰি কংগ্ৰেছ দলে অসমীয়াৰ স্বাভিমানত কুঠাৰাঘাত কৰা বুলি কয় পীযুষ হাজৰিকাই। ৰাইজে নিশ্চয় ইয়াৰ পোটক তুলিব । আজি হিনম্ত বিশ্ব শৰ্মাই বিটিচি নিৰ্বাচন সন্দৰ্ভত নিৰ্বাচন পিচুৱাই দিয়াৰ বাবে জনোৱা আবেদন সন্দৰ্ভত হাজৰিকাই কয় আয়োগৰ নিৰ্দেশনাৰ প্ৰতি সহাৰি জনাই প্ৰয়োজনত নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰিম বুলিও কয় ।

ইয়াৰ পিচতে মন্ত্ৰী জনে ১৯ নং থুৰিবাৰী(মুকলি) বিটিচি পৰিষদীয় সমষ্টীৰ বিজেপি প্ৰাৰ্থী অভিৰাম মহানায়কৰ হৈ উলুবাৰীৰ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে । দুয়োটা নিৰ্বাচনী সভাতে প্ৰায় দুহেজাৰকৈ লোকে অংশগ্ৰহণ কৰে ।

Exit mobile version