উচ্চ ন্যায়ালয়ৰ আদেশত অযোধ্যাৰ ধন্নীপুৰ গাঁৱত নিৰ্মাণ হ’ব লগা মছজিদটোৰ নাম কোনো প্ৰসিদ্ধ ঠাই বা ৰজাৰ নামেৰে নহয় । এই মছজিদৰ নিৰ্মাণো পৰম্পৰাগতৰূপৰ পৰা বহু পৃথক হ’ব পাৰে ৷ ন্যায়ালয়ৰ নিৰ্দেশত উত্তৰ প্ৰদেশৰ চূন্নী ৱাকফ বৰ্ডে লাভ কৰা পাঁচ একৰ ভূমিত ইণ্ডো ইছলামিক গৱেষণাগাৰ, চিকিৎসালয় নিৰ্মাণ হ’ব ৷
ইণ্ডো ইছলামিক কালচাৰেল ফাউণ্ডেচনৰ সচিব তথা প্ৰবক্তা অতহৰ হুছেইনে আজি কয় যে ধন্নীপুৰ গাঁৱত ১৫০০০০ বৰ্গৰ মছজিদ নিৰ্মাণ কৰা হ’ব। এই মছজিদ সম্পূৰ্ণ বাবৰি মছজিদৰ দৰেই হ’ব ৷ এই মছজিদৰ আকাৰ বাকী মছজিদসমূহতকৈ অলপ পৃথক হ’ব । এই মছজিদটো মক্কাত থকা কাবা শ্বৰীফৰ দৰে হ’ব পাৰে । এই সন্দৰ্ভত মছজিদৰ বাস্ত-শাস্ত্ৰৰ প্ৰফেছাৰ এচ এম আখতাৰ ইংগিত দিছে ৷
আনহাতে কাবা শ্বৰীফৰ দৰে ধন্নীপুৰত নিৰ্মাণ কৰা মছজিদটোত মিনাৰ নাথাকিবও পাৰে ৷ ইপিনে আই আই চি এচৰ সচিব অতহৰ হুছেইনে কয় যে মছজিদ, চিকিৎসালয়, গৱেষণা গৃহ নিৰ্মাণ কৰিবলৈ ৰাইজে আৰ্থিক সাহায্য দিব বিচাৰিলে দিব পাৰে ৷ ইয়াৰ কাৰণে এটি পৰ্টেলৰ ব্যৱস্থা কৰা হ’ব ।
ইয়াৰোপৰি ইয়াত ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় স্তৰৰ ইছলামিক লোকসকলেও যোগদান কৰিব পাৰিব । অৱশ্যে এতিয়াও এই পৰ্টেলৰ কাম আৰম্ভ হোৱা নাই কাৰণে আৰ্থিক সাহাৰ্য একত্ৰিত কৰাৰ কাম আৰম্ভ কৰা নাই ।
উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে বিগত বৰ্ষত ৯ নৱেম্বৰত ৰাম জন্মভূমি আৰু বাবৰি মছজিদৰ সম্পৰ্কত দিয়া ৰায়ত বিবাদিত স্থানত ৰাম মন্দিৰ নিৰ্মাণৰ কাৰণে প্ৰদান কৰাৰ লগতে অযোধ্যাৰ ধন্নীপুৰ গাঁৱৰ পাঁচ একৰ ভূমিত মছজিদ নিৰ্মাণ কৰিবলৈ আদেশ দিয়ে ৷