আজিৰে পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত পুনৰ আৰম্ভ হৈছে পাঠদান প্ৰক্ৰিয়া

IMG 20200921 092213 01

কেন্দ্ৰৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত আজিৰে পৰা পুনৰ আৰম্ভ হৈছে পাঠদান প্ৰক্ৰিয়া। দুখৰ বিষয় যে, ওডালগুৰি,চেপনৰ লগতে মাজুলীৰ গ্ৰামাঞ্চলত বাস কৰা বহু ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমানেও ম’বাইলৰ অভাৱ অথবা নেটৱৰ্কৰ অসুবিধাৰ বাবে পাঠদানত অংশ ল’ব পৰা নাই ।

আজি বিদ্যালয় খোলাৰ প্ৰথমদিনাই নৱম শ্ৰেণীৰ লগতে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ গৈও পুনৰ উভতি আহে ঘৰলৈ । আনহাতে, অভিভাৱকৰ অনুমতি নোহোৱা আন একাংশ ছাত্ৰ-ছাত্ৰীয়ে স্কুলত গৈও পুনৰ ঘৰ অভিমুখে উভতি আহে ।

গড়মূৰ পীতাম্বৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত ক’ভিডৰ কেন্দ্ৰৰ ব্যৱস্থা কৰাত বন্ধ থাকে আৰু বৰবিল উচ্চ মাধ্যমিক বিদ্যালয়ত সময়মতে চেনিটাইজ নকৰাৰ ফলত ওভতাই পঠিওৱা হয় ছাত্ৰ-ছাত্ৰীক । বহু অভিভাৱকে ছাত্ৰ-ছাত্ৰীক বিদ্যালয়লৈ পঠিয়াবলৈ শংকা কৰাত কে’বাখনো বিদ্যালয়ত উপস্থিতি হয় শূণ্য । সামগ্ৰিকভাৱে আজি মাজুলীত উপস্থিতিৰ হাৰ সেৰেঙা ।

আজি হাতত পৰা তথ্য অনুসৰি আউনীআটি উচ্চ মাধ্যমিক বিদ্যালয়ত ৫০%, চামগুৰি সত্ৰ ৰাৱনাপাৰ উচ্চতৰ মাধ্যমিকত ৪০%, মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৫ জন, কমলাবাৰী উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত ৪ জন, কৰতিপাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত ২৮ জন, বেঙেনাআটী ৰমাকান্ত দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত ৮ জন, ভকতি দুৱাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত ১২ জন, মধ্যমাজুলি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত ২ জন, ত্ৰিবেণী উচ্চ মাধ্যমিক বিদ্যালয়ত ৫ জন , কাঠনিআটী বালিচাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ত ১৫ জন, আহতগুৰি হাইস্কুলত ৮ জন, শালমৰা হাইস্কুলত ৯ জন উপস্থিত থাকে বিদ্যালয়ত ।

ইপিনে, মাজুলীৰ উজনিৰ নয়াবজাৰ ফুলনি অঞ্চলত ক’ভিড-১৯ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি হোৱাৰ বাবে বহু অভিভাৱকে ছাত্ৰ-ছাত্ৰীক বিদ্যালয়লৈ পঠিয়াবলৈ ৰাজি নহয় ।

Exit mobile version