আপোনাৰ সম্পৰ্কত ব্যৱধান আহিছে নেকি ? তেনেহ’লে কি কৰিব ?

5 ways to feel loved and appreciated in a relationship when you feel you are taken for granted

মৰমৰ এনাজৰীডাল সদায় চিৰ যুগমীয়া । লাগিলে দূৰত্ব যিমানেই নহওঁক হৃদয়ৰ পৰা গঢ়া জৰী কেতিয়াও চিঙি নাযায় । বৰ্তমান সময়ত কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত এজন আনজনৰ পৰা দূৰৈত । এই ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ঘৰৰ পৰা ওলোৱাৰ পৰা আৰম্ভ কৰি বজাৰ,ৰাজহুৱা অনুষ্ঠান সকলোতে মানি চলিব লগা হৈছে সামাজিক ব্যৱধান । যাৰ ফলত ব্যৱধানো আহিছে মানুহৰ সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত । প্ৰেমিক-প্ৰেমিকা, বন্ধু-বান্ধৱ, আত্মীয়-কুটুম্ব সকলো শাৰীৰিক ভাৱে এজন আনজনৰ পৰা দূৰৈত । এই সময়ত বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তেই এজনে আনজনৰ মনৰ ভাৱ-ভংগী আদান প্ৰদান কৰিছে । এই ভাৰ্চুৱেল জগত খনতেই সীমাবদ্ধ হৈ ৰৈছে সম্পৰ্কবোৰ । এই ব্যৱধানে মানুহক মানসিক ভাৱেও পৰিৱৰ্তন কৰিছে । সম্পৰ্কৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছে ।

গতিকে এটা সম্পৰ্ক ভালে ৰাখিবলৈ কি কি বিষয়ত মন দিব তলত উল্লেখ কৰা হ’ল –

১. কোৱা হয় যে ‘Less is more’ অৰ্থাৎ যিমান পাৰে কমকৈ কথা কব’লৈ চেষ্টা কৰক । অযথা যুক্তি তৰ্কই এটা সম্পৰ্ক বেয়া কৰে ।
২. কোন বন্ধুৰ লগত কোন সময়ত কথা পাতিব আগতে ঠিক কৰি ল’ব।
৩. ক’ভিড সংক্ৰান্তীয় বিষয়ে সদায় আলোচনাৰ বিষয় হিচাপে নল’ব । মন ভাল হোৱাৰ পৰিৱৰ্তে বেয়া হোৱাৰ সম্ভাৱনা বাঢ়িব ।
৪. সদায় আনক উৎসাহিত কৰক । উৎসাহজনক কথাই আনৰ মনকো সবল কৰে ।
৫. আনৰ দোষ খুচৰি থকাৰ অভ্যাস আছে যদি পৰিহাৰ কৰক । লগতে নিজৰ কথা বেছিকৈ কৈ থকাৰ অভ্যাস যদি আছে সেই অভ্যাসো ত্যাগ কৰক ।
৬. ভিডিঅ’ কল কৰাৰ সময়ত নিজকে সুন্দৰ ভাৱে উপস্থাপন কৰক । যাতে আপোনাক দেখি আপোনাৰ সংগীৰ মনো সতেজতাৰে ভৰি পৰে ।
৬. বন্ধুৰ লগত অনলাইন গেম ও খেলিব পাৰে । একলগে অনলাইন শ্ব’পিঙৰ মজাও ল’ব পাৰে ।
৭. আপোনাৰ যদি মন বেয়া হৈয়ো আছে তেনেহ’লে সেই খং, হতাশা আনৰ ওপৰত নুঠাব । তেনে কৰিলে সম্পৰ্ক ভঙাৰ আশংকা থাকে ।
৮. বিবাহিতা অথবা অবিবাহিতা দম্পতীয়ে এই সময়ত যদি এজন আনজনৰ পৰা আঁতৰে আঁতৰে আছে তেনেস্থলত মনৰ কথা খুলি পাতক । লগতে ৰোমান্টিক কথা পাতক । দেখিব সম্পৰ্কবোৰ পুনৰ মজবুত হৈ পৰিছে।

সামাজিক দূৰত্বই একো একোটা সম্পৰ্ক কেতিয়াও ভাঙিব নোৱাৰে । এইয়া এটা সম্পৰ্কক নতুন ৰঙৰে সজাই পৰাই তোলাৰ এটা সুযোগহে মাথোঁ ।

Exit mobile version