স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত হৈছে ৮৮,৬০০ জন লোক ৷ আনহাতে মৃত্যু হৈছে ১,১২৪ জন ৷ ইয়াৰ লগে লগে কৰ’নাত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিছে ৬০ লাখৰ ঘৰ। আনহাতে দেশত কৰ’নাত সুস্থ হৈছে ৪৯.৪১জন লোক । কৰ’নাত চিকিৎসাধীন হৈ আছে ৯.৫৬ লাখ লোক। কৰ’নাত মৃত্যু হৈছে ৯৪.৫০৩ জন লোক ৷ ইপিনে বিগত ২৪ ঘন্টাত কৰ’নাৰ পৰীক্ষা কৰা হৈছে ৯.৮৭ লাখ। আহক চাঁও কৰ’নাৰ সন্দেৰ্ভত শেহতীয়া তথ্য
ADVERTISEMENT
- ৫৯,৯২,৫৩২ জন কৰ’নাত আক্ৰান্তৰ সংখ্যাৰে ভাৰত কৰ’নাত আক্ৰান্ত হোৱা দ্বিতীয়খন দেশলৈ পৰিণত হৈছে ৷
- দেশত কৰ’নাত সুস্থ হোৱাৰ হাৰ ৮২.১শতাংশ ৷ ছেপ্টেম্বৰৰ ২ৰ পৰা কৰ’নাত প্ৰতিদিনে ১০০০ জন লোকৰ মৃত্যু হৈছে।
- মহাৰাষ্ট্ৰ,কৰ্ণাটক,অন্ধ্ৰপ্ৰদেশ,কেৰেলা আৰু তামিলনাডুত বিগত ২৪ ঘন্টাত সুস্থৰ হাৰ বৃদ্ধি পাইছে ৷এই পাঁচখন ৰাজ্যত নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে ৪৯,১৭৬ জন
- আনহাতে মহাাৰাষ্ট্ৰত এতিয়ালৈকে ১৩.২১জন লোক কৰ’নাত আক্ৰান্ত হৈছে। বিগত ২৪ ঘন্টাত মহাৰাষ্ট্ৰত নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে ২০,৪১৯ জন ৷ইপিনে তামিলনাডুত নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে ৫,৬৪৭ জন লোক ৷
- কৰ’নাত আক্ৰান্ত হোৱাৰ দৰে মহাৰাষ্ট্ৰ,অন্ধ্ৰপ্ৰদেশ,কৰ্ণাটক,তামিলনাডু আৰু উত্তৰ প্ৰদেশত এই ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যা সৰ্বাধিক ।
- মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই ৰাজ্যখনত কৰ’নাৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত মন্তব্য কৰে। থাকৰেই কয় ৰাজ্যখনত এতিয়া কৰ’নাৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে ৷আনহাতে থাকৰেই Asymptomatic লোকসকলে নিজকে আইছ’লেছনত নৰখাৰ পৰিপ্ৰেক্ষিতত কৰ’নাৰ সংক্ৰমণৰ আশংকা প্ৰকাশ কৰিছে ৷
- ইপিনে পশ্চিম বংগত চিত্ৰগৃহসমূহ ১অক্টোবৰৰ পৰা মুকলি কৰিব। এই সন্দৰ্ভত মমতা বেনাৰ্জীয়ে লগতে কয় যে এই সময়ত মিউজিকেল ডান্স, যাদুগৃহসমূহতো ৫০ জন দৰ্শকেৰে সকলো ক’ভিড প্ৰট’কল ৰক্ষা কৰি মুকলি কৰিব।
- প্ৰধানমোদী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতত এবাৰ কৰ’নাৰ ভেকচিন পৰীক্ষণে সফলতা লাভ কৰিলে ভেকচিন বিশ্বৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰা হ’ব ৷ আনহাতে ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ CEO অদাৰ পুনেৱালাই চৰকাৰক ভেকচিন বিতৰণ আৰু উৎপাদনৰ ক্ষেত্ৰত ৮০,০০০ কোটি টকা আছেনে বুলি প্ৰশ্ন কৰে ৷