ড’নাল্ড ট্ৰাম্প প্ৰশাসনে টিকটক অস্থায়ীভাৱে প্ৰতিবন্ধকতা আৰোপ কৰা সিদ্ধান্তক স্থগিত ঘোষণা আমেৰিকা আদালতৰ

tag reuters.com2020 newsml LYNXMPEG8R00J 12020 09 28T002416Z 1 LYNXMPEG8R00J RTROPTP 3 USA TIKTOK BAN

FILE PHOTO: TikTok's logo is displayed on the smartphone while standing on the U.S. flag in this illustration picture taken, November 8, 2019. REUTERS/Dado Ruvic/File Photo

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চীনা এপ টিকটক বন্ধ কৰাৰ নিৰ্দেশক স্থগিত কৰিছে আমেৰিকাৰ আদালতে। উল্লেখ্য যে, দেশেৰ সুৰক্ষাৰ বাবে ট্ৰাম্প প্ৰশাসনে Apple আৰু গুগল প্লে ষ্ট’ৰৰ পৰা টিকটক এপটো বন্ধ কৰাৰ নিৰ্দেশ দিছিল ।

লগতে ২৭ ছেপ্টেম্বৰৰ পাছত এই এপটো ডাউনলোড কৰিব নোৱাৰিব বুলিও উল্লেখ কৰিছিল। নিষেধাজ্ঞা কাৰ্যকৰী হোৱাৰ কিছু ঘন্টাৰ আগেয়ে ৱাছিংটনৰ জিলা ন্যায়াধীশ Carl Nicholas এ টিকটকৰ মালিক কোম্পানী বাইটডান্সৰ অনুৰোধত অস্থায়ীৰূপত বন্ধ কৰাৰ আদেশ জাৰি কৰে ।

ন্যায়াধীশ গৰাকীয়ে এই নিৰ্দেশ জাৰি কৰাৰ কোনো কাৰণ ব্যক্ত নকৰে । তাৰ বিপৰীতে কয় যে, এই সন্দৰ্ভত পিছত সিদ্ধান্ত লোৱা হ’ব

Exit mobile version