দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতিৰে ৰাজ্যৰ শাসনভাৰ লোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ বিভাগতে সংঘটিত হোৱা আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তিৰ বাচনি পৰীক্ষাৰ কেলেংকাৰীয়ে ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লগাইছে ৷
ইপিনে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ অভিকেন্দ্ৰ পৰিণত হৈছে নলবাৰী ৷ উক্ত নিযুক্তি কাণ্ডৰ স’তে নলবাৰী জিলাৰ বিজেপি নেতাৰ লগতে এটা বৃহৎ দালাল চক্ৰ জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে ৷
ইতিমধ্যে জিলাখনত দুজনকৈ দালালৰ লগতে পাঁচ পৰীক্ষাৰ্থী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ উপৰি নলবাৰীৰ তদন্তকাৰী আৰক্ষীয়ে যোৱা নিশা পলাশবাৰীৰ গুঞ্জন দাস নামৰ এগৰাকী পৰীক্ষাৰ্থীক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। তদুপৰি, উক্ত চাঞ্চল্যকৰ নিযুক্তি কাণ্ডত সাঙোৰ খাই পৰিছে এখন বিশেষ তালিকা ৷ জিলাখনৰ ৬০ গৰাকীৰো অধিক পৰীক্ষাৰ্থীৰ এখন তালিকাকলৈ চলিছে ব্যাপক চৰ্চা ।
ইপিনে, এই কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড ৰূপে চৰ্চিত পলাতক বিজেপি নেতা দ্বিবন ডেকা আৰু নৱ ভাৰত নিৰ্মাণ নামৰ অখ্যাত সংগঠনটোৰ সভাপতি কুলদ্বীপ ৰাজবংশী, নিতুল বৰ্মনকে ধৰি নলবাৰী জিলাৰ কে’বাগৰাকী বিজেপি নেতা-কৰ্মীৰ নাম চৰ্চালৈ অহাত জিলা ব্যাপী চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ইপিনে, আৰক্ষীৰ এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পৰা মতে বৰপেটাৰ ৰফিকুল ইছলাম নামৰ এজন দালালৰ তথ্যও আৰক্ষীৰ হাতত পৰিছে৷