- মহানগৰ আৰক্ষীৰ অপৰাধ কোষ থানাৰ ১৩/২০ নম্বৰ গোচৰত এছ আই কেলেংকাৰিত অভিযুক্ত দ্বিবন ডেকাৰ গোচৰ ৷
- প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত CID ত ৰজু হৈছে গোচৰ ২১/২০ নম্বৰত গোচৰ ৷
- কিন্তু দ্বিবন ডেকাক চাকৰি দিয়াৰ নামত ধন লোৱাৰ কাৰণেহে গ্ৰেপ্তাৰ কৰা হৈছে।
- সম্প্ৰতি অভিযুক্ত দ্বিবন ডেকাক মুখ্য ন্যায়াধীশ আদালতত হাজিৰ কৰা হৈছে ৷
- উল্লেখযোগ্য যে, মহানগৰীৰ গণেশগুৰিস্থিত থেংক ইউ লজত ফাদিল কৰা প্রশ্ন কাকতেৰে দালাল চক্রই আগতীয়াকৈ একাংশ প্রার্থী প্রশিক্ষণৰ ব্যৱস্থা কৰে।
- এই সমগ্র প্রক্রিয়াটো সম্পন্ন কৰাৰ বাবে বিজেপি নেতা দ্বিবন ডেকাই উদ্যোগ গ্রহণ কৰিলেও ইয়াৰ আঁৰত আন শক্তি জড়িত থকাৰ কথা আন এজন অভিযুক্তই জেৰাত স্বীকাৰ কৰিছে।
- আনহাতে আত্মগােপন কৰিও শেষ ৰক্ষা নহ’ল বিজেপিৰ কিষাণ মৰ্চাৰ ৰাষ্ট্ৰীয় কার্যনির্বাহক সদস্য দ্বিবন ডেকাৰ । প্রশ্নকাকত ফাদিলৰ ঘটনাত নাম সাঙোৰ খাই পৰা দ্বিবন ডেকাই বুধবাৰে পাটাছাৰকুছি আৰক্ষী থানাত আত্মসমর্পণ কৰে।
- ৫ দিনৰ আৰক্ষী জিম্মাত এছ আই কেলেংকাৰিত অভিযুক্ত দ্বিবন ডেকা ।
- আদালতৰ পৰা ক্ৰাইম ব্ৰাঞ্চে নিজৰ জিম্মাত লৈছে দ্বিবন ডেকাক।
- ৬ অক্টোবৰত হ’ব দ্বিবন ডেকাক পুনৰ হাজিৰ কৰা হ’ব আদালতত।
- বুধবাৰৰ নিশা পাটাছাৰকুছিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল ডেকাক।
- লগত আছিল দ্বিবন ডেকাৰ পত্নী ৷
- আত্মসমৰ্পণৰ পাছত লৈ অহা হৈছিল গুৱাহাটীলৈ।
ADVERTISEMENT