এটা মাছ বিক্ৰী কৰি লাখপতি হোৱাৰ ঘটনা আপোনালোকে কেতিয়াবা শুনিছেনে ? হয়তো সাধুকথাত পঢ়িবলৈ পাইছে । পিছে এনে এটা আজৱ ঘটনা সংঘটিত হ’ল পশ্চিমবংগত । ৰাজ্যখনৰ সাগৰ দ্বীপৰ ছকপুতডুবী নামৰ গাঁও খনৰ পুষ্পা কৰ নামৰ বৃদ্ধাগৰাকীয়ে এটা মাছ বিক্ৰী কৰিয়ে ৰাতিটোৰ ভিতৰতে হৈ গ’ল লাখপতি । সদায় যোৱাৰ দৰে সেইদিনাও সাগৰত মাছ মাৰিবলৈ গৈছিল পুষ্পা কৰ ।পুষ্পাৰ জালত লাগিল ৫২কিলো ওজনৰ এটা বৃহৎ আকৃতিৰ মাছ ।
মাছটোৰ সন্দৰ্ভত পুষ্পাই কয় , ‘মই এই মাছটো পানীত ঘূৰি ফুৰা দেখা পাইছিলো ।লগে লগে মই জালখন পানীত পেলাই দিওঁতে মাছটো আহি জালত লাগিল ।ওচৰৰ মানুহক সহায়ৰ বাবে মাতো । গাঁওবাসীৰ সহযোগত মাছটো উঠাই বজাৰলৈ বিক্ৰীৰ বাবে লৈ আহিলো ‘ ।
লগতে কয় ,’ বঙালীত এই মাছটোক ‘ভোলা মাছ’ বুলি কোৱা হয় ।কিন্তু জীৱনত ইমান ডাঙৰ মাছ মই কেতিয়াও দেখা নাই ।মই এই মাছটো প্ৰতি কিলোগ্ৰাম ৬,২০০ টকাকৈ বিক্ৰী কৰি ৩লাখ টকাতকৈ অধিক উপাৰ্জন কৰিলো।’ মাছটোৰ মূল্যক লৈ গাঁওখনৰ এজন বাসিন্দাই কয়, ‘মাছটো মৰি গ’ল ।জীৱিত থকা হ’লে আৰু অধিক দাম হ’ল হেঁতেন ।’