কৃষক মুক্তিয়ে ‘ৰাইজৰ দল’ নামেৰে নতুন দল গঠন কৰাৰ পিচতে এইদৰে আনন্দ উল্লাস কৰা পৰিলক্ষিত হল বঙাইগাঁওত । বঙাইগাঁও জিলা কৃষক মুক্তিৰ কৰ্মকৰ্তা সকলে ৰঙেৰে আৱতৰীয়া হোলি তথা ফটকা আদি ফুটাই ব্যাপক আনন্দ কৰা পৰিলক্ষিত হয় । বঙাইগাঁও জিলা সমিতি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মহিধৰ ৰায়, সাধাৰণ সম্পাদক নন্দন দেৱনাথ সহ বহু সংখ্যক লোক ওলাই আহি বঙাইগাঁও সদৰ চহৰৰ মাজ মজিয়াত আনন্দ উল্লাস কৰে। বঙাইগাঁওত বিগত ৭ টা কাৰ্যাকালৰ পৰা অগপ দলৰ বিধায়ক তথা ফণীভূষণ চৌধুৰীৰ প্ৰত্যাহ্বান ৰূপে থিয় দিব ৰাইজৰ দলে । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বলিষ্ঠ স্থিতি আছে বঙাইগাঁও জিলাৰ কৃষকৰ মাজত ।
বঙাইগাঁওত ঢোলে-ডগৰে আদৰণি কৃষক মুক্তিৰ নতুন ৰাজনৈতিক দল ‘ৰাইজৰ দল’ক
-
By publisher

- Categories: Assam, News
- Tags: AssamBongaigaonKMSS
Related Content
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
By
publisher
April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬'ৰ সফল সমাপ্তি
By
publisher
April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
By
publisher
April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পলৈ গুলীচালনা
By
publisher
April 26, 2026