সুশান্ত সিং ৰাজপুতক হত্যা কৰাৰ অভিযোগ খাৰিজ কৰিলে AIIMSয়ে

SUSH

অভিনেতা সুশান্ত সিং ৰাজপুতক হত্যা কৰা নাছিল। তেওঁ আত্মহত্যাহে কৰিছিল ৷CBI ক এই মন্তব্য কৰিলে AIIMS ৰ চিকিৎসকৰ এটা বিশেষ পেনেলে ৷AIIMS ৰ এক বিশেষ সূত্ৰৰ মতে পেনেলে পৰিয়াল আৰু বন্ধুসকলৰ সুশান্তক হত্যা কৰা অভিযোগক খাৰিজ কৰে।

৩৪ বছৰীয়া বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মুম্বাইস্থিত বাসগৃহত ১৪ জুনত মৃতদেহ পোৱা গৈছিল ৷ইয়াৰ পাছতে মুম্বাইৰ পুলিছে সুশান্তে আত্মহত্যা কৰিছিল বুলি প্ৰকাশ কৰিলেও ছ’চিয়েল মিডিয়াত অভিনেতাজনৰ অনুৰাগী,আৰু পৰিয়ালে এয়া হত্যা বুলি অভিযোগ কৰিছিল। সুশান্তক ন্যায় দিয়াৰ কাৰণে চলোৱা অভিযান আৰু পৰিয়ালৰ সন্দেহৰ পাছত এই সমগ্ৰ ঘটনাটো তদন্তৰ কাৰণে CBI ৰ হাতত দিয়া হয়।

সূত্ৰৰ মতে AIIMSBৰ পেনেলে তদন্ত সম্পূৰ্ণ কৰিছে ৷সম্প্ৰতি CBIয়ে AIIMS ৰ প্ৰতিবেদনৰ লগত নিজৰ প্ৰতিবেদন সংলগ্ন কৰি তদন্ত আগবঢ়াব পাৰে ৷ইপিনে মুম্বাই পুলিছে এইয়া আত্মহত্যা বুলি ধৰি লৈ তদন্ত আগবঢ়াব ৷

উল্লেখযোগ্য যে সুশান্তৰ আত্মহত্যা আৰু মাদকদ্ৰব্য সৰবৰাহৰ অভিযোগত অভিযুক্ত গাৰ্লফ্ৰেণ্ড ৰিয়া এতিয়াও কাৰাগাৰত ৷ আনহাতে মাদকদ্ৰব্য সৰবৰাহ আৰু সেৱনত কেৱল ৰিয়া চক্ৰৱৰ্তীয়েই নহয় বলীউডৰ বহু সুন্দৰী জৰিত আছে ৷এই সন্দৰ্ভত সম্প্ৰতি সোধ পোছ অব্যাহত ৰাখিছে ৷আনহাতে এই প্ৰথমতে হত্যা,আত্মহত্যা আৰু মাদকদ্ৰব্যৰ প্ৰসংগই শেষত কি মোৰ লয় সেয়া হ’ব লক্ষ্যণীয়।

Exit mobile version