ফ্লিপকাৰ্টৰ ৬ দিনীয়া Big Billion Day অফাৰ

Flipkarts office

আহি আছে ই-কমাৰ্চ কোম্পানী ফ্লিপকাৰ্টৰ “The Big Billion Day” অফাৰ। এই অফাৰ আৰম্ভ হ’ব ১৬ অক্টোবৰৰ পৰা । এই বৰ্ষত BBD য়ে লাখ লাখ বিক্ৰেতা আৰু হাজাৰটা ব্ৰেণ্ডে প্ৰত্যেক ঘণ্টাৰ মূৰে মূৰে অফাৰ লৈ আহিব । ফ্লিপকাৰ্ট প্লাচৰ গ্ৰাহকসকলে ১৫ অক্টোবৰৰ পৰাই লাভ কৰিব এই অফাৰ ।

শনিবাৰে ফ্লিপকাৰ্টৰ CEO কল্যাণ কৃষ্ণমূৰ্তিয়ে সদৰী কৰে এই কথা। আনহাতে, ফ্লিপকাৰ্টৰ ৬দিনীয়া এই অফাৰত ফ্লিপকাৰ্টৰ গ্ৰাহকসকলে ষ্টেট বেংকৰ ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ডৰ মাধ্যমেৰে ক্ৰয় কৰিলে ১০% ৰেহাই পাব । Bajaj Finserv EMI কাৰ্ড আৰু অন্য অগ্ৰণী বেংকৰ ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ডৰ মাধ্যমেৰে ক্ৰয় কৰিলে No Cost EMI ৰ অফাৰ লাভ কৰিব ।

ফ্লিপকাৰ্টে অমিতাভ বচ্চন, বিৰাট কোহলি, আলিয়া ভাট, ৰনবীৰ কাপুৰ, মহেশ বাবুকে বহু খ্যাতনামা অভিনেতাৰ স’তে কাম কৰিছে। BBDৰ ইভেণ্টত তেওঁলোকক বিভিন্ন সৃষ্টিশীল ৰূপত দেখিবলৈ পোৱা যাব।

Exit mobile version