- দিল্লী আৰক্ষীৰ বিশেষ সাফল্য ।
- দিল্লী আৰক্ষীৰ বিশেষ শাখাই ৪জন কাশ্মিৰী যুৱকক সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে ।
- আৰক্ষীয়ে ৪ টা অত্যাধুনিক পিষ্টল আৰু ১২০ ৰাউণ্ড গুলিৰে সৈতে গ্ৰেপ্তাৰ কৰিছে যুৱককেইজনক ৷
- আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কেইজনৰ ভিতৰত পুলৱামাৰ আলতাফ আহমেদ ডৰ ৷
- বাকী তিনিজন মোস্তাক আহমেদ গণি, ইছফাক মজিদ কোকা, আৰু আকিব ছাফি ৷ ইয়াৰে ইছফাক মজিদ কোকা সন্ত্ৰাসবাদী বুৰহান কোকাৰ জ্যেষ্ঠ ভাতৃ ।
- উল্লেখযোগ্য যে বুৰহান কোকা জম্মু-কাশ্মীৰত অল কায়দা সন্ত্ৰাসবাদী সংগঠনৰ শাখা আনছাৰ গজৱাট উল হিন্দৰ প্ৰাক্তন মুৰব্বী আছিল ৷ তেওঁ ইতিমধ্যে নিহত হৈছে । আৰক্ষীৰ সন্দেহ অনুসৰি যুৱককেইজনে দিল্লীত ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা কৰিছিল ।
ADVERTISEMENT