আমি যিকোনো প্ৰত্যাহ্বানৰ কাৰণে সাজুঃ বায়ু সেনাৰ মুখ্য মাৰ্শ্বেল আৰ কে এছ ভাডৰিয়া

WhatsApp Image 2020 10 05 at 6.02.01 PM

“আমি যিকোনো প্ৰত্যাহ্বানৰ বাবে সাজু” । ভাৰত-চীন সীমান্তৰ সন্দৰ্ভত এই মন্তব্য বায়ু সেনাৰ মুখ্য মাৰ্শ্বেল আৰ কে এছ ভাডৰিয়াৰ ৷ লগতে ভাডৰিয়াই কয় যে আমি সীমান্তলৈ সেনা জোৱান প্ৰেৰণ কৰিছো ৷ সম্প্ৰতি আমাৰ শক্তি বৃদ্ধি কৰিছে ৰাফেলে । লগতে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ চীনৰ তুলনাত লাডাখৰ বিভিন্ন অঞ্চলতো সৈন্য নিয়োগ কৰা হৈছে বুলি সদৰী কৰে বিষয়াগৰাকীয়ে  ৷

আনহাতে ইয়াৰ মাজতে অহা ১২ অক্টোবৰত ভাৰতে এগৰাকী নতুন সেনা বিষয়াৰ নেতৃত্বত চীনৰ সৈতে সপ্তম লানি আলোচনাত মিলিত হ’ব । কাৰণ বিগত ষষ্ঠ লানি আলোচনাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল লেফটেনেণ্ট জেনেৰেল হৰিন্দৰ সিঙে । কিন্তু সপ্তম লানি আলোচনাত হৰিন্দৰ সিঙৰ ঠাইত দায়িত্ব গ্ৰহণ কৰিব লেফটেনেণ্ট জেনেৰেল পিজিকে মেননে ।

উল্লেখযোগ্য যে লোকসভাৰ মজিয়াত  কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে চীনে এতিয়ালৈকে ভাৰতৰ ৩৮ হাজাৰ বৰ্গ কিলোমিটাৰ অঞ্চল দখল কৰিছে । ৰাজ্যসভাৰ মজিয়াত ৰাজনাথ সিঙে লগতে কয় যে চীনে এতিয়াও ভাৰতৰ প্ৰায় ৯০ হাজাৰ বৰ্গ কিলোমিটাৰ অঞ্চল নিজৰ বুলি দাবী কৰি আহিছে । লোকসভাত সদৰী কৰা মন্তব্যৰ পাছতে বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷

ইপিনে, ভাৰত চীন সীমান্তৰ গালৱানত বিগত জুনত হোৱা সংঘৰ্ষত প্ৰায় ২০ জন ভাৰতৰ সেনা জোৱান ছহিদ হৈছিল । আনহাতে চীনৰ অধিক সংখ্যক সেনা জোৱান নিহত হৈছিল যদিও চীনে প্ৰকৃত তথ্য এতিয়ালৈকে ফাদিল কৰা নাই ৷ আনহাতে ২৯ আৰু ৩০আগষ্টত চীন ভাৰতৰ অভিমুখে আগবাঢ়ি আহে যদিও ভাৰতে উচিত প্ৰত্যুত্তৰ দিয়ে ৷ ভাৰত-চীন সীমান্তত সেনাৰ উচ্চ পৰ্যায়ক বৈঠক সঘনাই অনু্ষ্ঠিত হৈছে ৷ ইয়াৰ মাজতে ১২ অক্টোবৰত হোৱা বৈঠকখন গুৰুত্বপূৰ্ণ হৈ উঠিছে।

Exit mobile version