টাট্টু বনোৱাৰ চখ আছে নে ?

Tattoo Designs

টাট্টু বনোৱাটো আজিকালি এটা ফেশ্বনত পৰিণত হৈছে।যুৱক-যুৱতী উভয়ে দেহত টাট্টু অংকন কৰোৱায় ।হাতত ,পিঠিত ,ডিঙিকে ধৰি দেহৰ বিভিন্ন অংগত ভিন্ন ডিজাইনেৰে টাট্টু অংকন কৰোৱা হয় । বেজী থকা এটা যন্ত্ৰৰ সহায়ত ভিন্ন ধৰণৰ চিয়াঁহীৰে দেহত টাট্টু অংকন কৰা হয় ।

পিছে আপোনালোকে জানে নে টাট্টুৱে মানুহৰ ‘হাৰ্ট এটেক’ ৰ সম্ভাৱনা বৃদ্ধি কৰে ।কাৰণ টাট্টু কৰা ছালত চডিয়ামৰ পৰিমাণ অধিক হয় ।আনহাতে টাট্টুৰ চিয়াঁহী ছালৰ ৰন্ধ্ৰত সোমোৱাৰ ফলত ৰন্ধ্ৰবোৰ বন্ধ হৈ পৰে ফলত ঘাম নিৰ্গত হ’বলৈ নোৱাৰে ।যাৰ ফলত শৰীৰৰ উষ্ণতা বৃদ্ধি হ’বলৈ ধৰে ।শৰীৰৰ তাপমান ৪০ ডিগ্ৰী ছেলচিয়াছৰ অধিক হ’লে হাৰ্ট এটেক হ’ব পাৰে ।

বিশেষজ্ঞৰ মতে , টাট্টু কৰাৰ সময়ত প্ৰতি মিনিটত তিনি হাজাৰ বাৰ ছালত puncher কৰিবলগীয়া হয় । যাৰ ফলত ঘৰ্ম গ্ৰন্থি সমূহতো ইয়াৰ প্ৰভাৱ পৰে ।টাট্টু শৰীৰত যিমান ডাঙৰ আকাৰত অংকন কৰা হয় সিমানেই বিপজ্জনক বুলি বিজ্ঞানীসকলে মন্তব্য কৰিছে ।

Exit mobile version