পুনৰ ২০ অক্টোবৰলৈ বৃদ্ধি হ’ল ৰিয়া চক্ৰৱৰ্তীৰ ন্যায়িক জিম্মাৰ সময়সীমা

WhatsApp Image 2020 10 06 at 5.56.43 PM

আজি মুম্বাইৰ এক বিশেষ আদালতে বৃদ্ধি কৰিলে ৰিয়া চক্ৰৱৰ্তীৰ ন্যায়িক জিম্মাৰ সময়সীমা ২০ অক্টোবৰলৈ বৃদ্ধি কৰিছে । উল্লেখযোগ্য যে অভিনেত্ৰীগৰাকীক ৯ ছেপ্টেম্বৰত NCB য়ে সুশান্ত সিং ৰাজপুতৰ বাবে অবৈধভাবে মাদকদ্ৰব্য সৰবৰাহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।

আনহাতে ৰিয়াই মুম্বাই উচ্চ ন্যায়ালয়ত জামিনৰ বাবে আবেদন কৰিছিল। কিন্তু ২৯ চেপ্টেম্বৰলৈকে এই ৰায় স্থগিত ৰাখিছিল আদালতে । ইয়াৰ পূৰ্বে এইসময়সীমা বৃদ্ধি কৰিছিল ৬ অক্টোবৰলৈ । ৰিয়া চক্ৰৱৰ্তীৰ লগতে তেওঁৰ ভাতৃ সৌভিক চক্ৰৱৰ্তী, সুশান্তৰ মেনেজাৰ চেমুৱেল মিৰাণ্ডা আৰু আন সকল অভিযুক্তৰো ন্যায়িক জিম্মাৰ সময়সীমা ২০ তাৰিখলৈ বৃদ্ধি কৰা হৈছে। বৰ্তমান অভিনেত্ৰীগৰাকী মুম্বাইৰ ভাইখলা কাৰাগাৰত আছে।

ইপিনে লোকসভাত ৰিয়া চক্ৰৱৰ্তীক মুকলি দাবী কৰিছে কংগ্ৰেছৰ নেতা অধিৰ ৰঞ্জন চৌধুৰীয়ে ৷ তেওঁৰ মতে ৰিয়া ষড়যন্ত্ৰৰ বলি হৈছে ৷

উল্লেখযোগ্য যে শেহতীয়াকৈ AAIMS ৰ এক পেনেলে সদৰী কৰে যে অভিনেতা সুশান্ত সিং ৰাজপুতক হত্যা কৰা নাছিল। তেওঁ আত্মহত্যাহে কৰিছিল ৷AIIMS ৰ এক বিশেষ সূত্ৰৰ মতে পেনেলে পৰিয়াল আৰু বন্ধুসকলৰ সুশান্তক হত্যা কৰা অভিযোগক খাৰিজ কৰে।

৩৪ বছৰীয়া বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মুম্বাইস্থিত বাসগৃহত ১৪ জুনত মৃতদেহ পোৱা গৈছিল ৷ইয়াৰ পাছতে মুম্বাইৰ পুলিছে সুশান্তে আত্মহত্যা কৰিছিল বুলি প্ৰকাশ কৰিলেও ছ’চিয়েল মিডিয়াত অভিনেতাজনৰ অনুৰাগী,আৰু পৰিয়ালে এয়া হত্যা বুলি অভিযোগ কৰিছিল।

সুশান্তক ন্যায় দিয়াৰ কাৰণে চলোৱা অভিযান আৰু পৰিয়ালৰ সন্দেহৰ পাছত এই সমগ্ৰ ঘটনাটো তদন্তৰ কাৰণে CBI ৰ হাতত দিয়া হয়। সূত্ৰৰ মতে AIIMSৰ পেনেলে তদন্ত সম্পূৰ্ণ কৰিছে ৷সম্প্ৰতি CBIয়ে AIIMS ৰ প্ৰতিবেদনৰ লগত নিজৰ প্ৰতিবেদন সংলগ্ন কৰি তদন্ত আগবঢ়াব পাৰে ৷ইপিনে মুম্বাই পুলিছে এইয়া আত্মহত্যা বুলি ধৰি লৈ তদন্ত আগবঢ়াব ৷ আনহাতে মাদকদ্ৰব্য সৰবৰাহ আৰু সেৱনত কেৱল ৰিয়া চক্ৰৱৰ্তীয়েই নহয় বলীউডৰ বহু সুন্দৰী জৰিত আছে ৷এই সন্দৰ্ভত সম্প্ৰতি সোধ পোছ অব্যাহত ৰাখিছে ৷

Exit mobile version