ছাৰাই দিয়া আঘাতৰ মলম লগাব নোৱাৰে টাইমূৰেও, ক’লে চেইফে

WhatsApp Image 2020 10 07 at 8.49.29 PM

সম্প্ৰতি ড্ৰাগছৰ সন্দৰ্ভৰ আওতালৈ ছাৰা আলী খানৰ নাম অহাৰ পাছৰে পৰা পিতৃ চেইফকো চৰ্চাৰ মাজলৈ টানি আনিছে একাংশই । ইয়াৰ মাজতে চেইফ আলী খানে তিনি সন্তানৰ স’তে ৰখা এক ঘনিষ্ঠ সম্পৰ্কত বান্ধ খোৱাৰ বিষয়ে শ্বেয়াৰ কৰে । যদিও টাইমূৰৰ স’তে বহু সময় অতিবাহিত কৰিছে সমান্তৰালকৈ প্রাক্তন পত্নী অমৃতা সিঙৰ স’তে থকা চাৰা আৰু ইব্ৰাহিম আলীৰ স’তেও সময় অতিবাহিত কৰিছে চেইফে।

এক সাক্ষাৎকাৰত চেইফে কয় যে, তেওঁ তিনিওকে সমানে মৰম কৰে । টাইমূৰৰ স’তে বহু সময় অতিবাহিত কৰিছে যদিও পুত্ৰ ইব্ৰাহিম আৰু ছাৰাৰ স’তে এতিয়াও নিয়মিত যোগাযোগত আছে চেইফে । তিনিওকে তেঁওৰ হৃদয়ত ঠাই দিছে ।

লগতে চেইফে কয় যে, “ছাৰাই দিয়া আঘাতৰ ক্ষতস্থানত মৰমৰ পুত্ৰ টাইমূৰেও মলম লগাব নোৱাৰে । যিহেতু তিনিও সন্তানৰ বয়স বেলেগ বেলেগ, সেয়ে তিনিওৰে স’তে বেলেগ বেলেগ ধৰণে সম্পৰ্ক ৰখাৰ প্ৰয়োজন আছে। “

Exit mobile version