১৪ অক্টোবৰৰ পৰা ১৮ অক্টোবৰলৈ জাৰ্মানৰ ফ্ৰেংকফু্ৰ্টত অনুষ্ঠিত হৈ থকা বিশ্বৰ আগশাৰীৰ গ্ৰন্থমেলালৈ নিৰ্বচিত হৈছে ৰাজুমনি শইকীয়াৰ দুখনকৈ ইংৰাজী গ্ৰন্থ ৷ স্ব- প্ৰতিভাৰে অসমৰ কবিতাৰ ক্ষেত্ৰখনত যি সকল কবিয়ে সাম্প্ৰতিক কালত উজলি উঠিছ , সেই সকলৰ মাজত অন্যতম কবি ৰাজুমনি শইকীয়া ৷
মৰিগাওঁ জিলাৰ কলং -কপিলীৰ সংগমস্হল জাগী দুইসূঁতি মুখত জন্ম লাভ কৰা কবি গৰাকীৰ কবিতাই এতিয়া দেশৰ সীমা পাৰ হৈ পৃথিৱীৰ বিভিন্ন প্ৰান্তত কাব্যপ্ৰমীৰ হৃদয় জয় কৰিছে ৷ চেন্নাই আৰু বাংগালোৰষ্ঠিত ‘ক্লেভাৰ ফক্স ‘ নামৰ প্ৰকাশন গোষ্ঠীটোৱে অলপতে প্ৰকাশ কৰি উলিওৱা ইংৰাজী ভাষাৰ কবিতাপুথি ” কাম ইফ ইউ কেন মেক ইট পচিব’ল” আৰু “ৱাৰ দি ৰিভলিউচন অৱ লাইফ” নামৰ প্ৰৱন্ধ গ্ৰন্হখন প্ৰকাশন গোষ্ঠীটোৱে বিক্ৰীৰ ব্যৱস্হা কৰিছে ৷ ইতিমধ্যে “এমাজন ডট ইন”ত বিক্ৰীৰ বাবে আগবঢ়াই দিয়া গ্ৰন্থ দুখনৰ কথা প্ৰকাশন গোষ্ঠীটোৰ ৱেবচাইটৰ পৰা জানিব পৰা গৈছে ৷
উল্লেখযোগ্য যে দেশ বিদেশৰ বহুকেইগৰাকী বিখ্যাত কবিয়ে আৰু কবিতা সমালোচকে কবি ৰাজুমনি শইকীয়াৰ কবিতাৰ আলোচনা আগবঢ়োৱাৰ উপৰিও কে’বাটাও বিদেশী ভাষালৈ তেওঁৰ কবিতা অনুবাদ কৰিছে ৷ বৰ্তমান বহুভাষী ভাৰতীয় কবি হিচাবে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত হোৱা ৰাজুমনি শইকীয়াই অসমীয়া , ইংৰাজী, হিন্দী আৰু বাংলা ভাষাত কবিতা ৰচনা কৰি সমাদৃত হৈছে ৷ ইতিমধ্যে কবি শইকীয়াৰ কবিতা বিশ্বৰ কেইবাগৰাকী কবি ক্ৰমে গ্ৰীচৰ ‘কবি মেলিনা পাপা’ই গ্ৰীক ভাষালৈ,আলবেৰিয়াৰ কবি ‘ডেলো ইচুফি’ আৰু ‘এড্ৰিয়েতিক জেচে ‘ আলবেৰিয়ান ভাষালৈ তথা কলিকতাৰ ড০ ৰীতা দে বাংলা ভাষালৈ অনুবাদ কৰিছে ৷
কলিকতাৰ বিশিষ্ট কবি , আন্ডাৰগ্ৰাউণ্ড সাহিত্য সেৱিকা ড০ ৰীতা দে য়ে তেওঁৰ ইংৰাজী কাব্যগ্ৰন্থ “আনন’ওন ডেচতিনেচন” খন বাংলা ভাষালৈ আনুবাদ কৰি বিশেষ ভাবে কবি শইকীয়াক প্ৰশংসা কৰিছে ৷ এই গ্ৰন্থখন দ্বি-ভাষিক গ্ৰন্থ হিচাবে কলিকতাৰ আণ্ডাৰগ্ৰাউণ্ড লিটাৰেচাৰ পাব্লিকেশ্চনে প্ৰকাশ কৰি উলিয়াইছে ৷ ৰাজ্যখনৰ অতি পিছপৰা মৰিগাওঁ জিলাৰ এগৰাকী কবিয়ে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত কবিতাৰ জৰিয়তে নিজক প্ৰতিষ্ঠা কৰা কাৰ্যই উল্লাসিত কৰি তুলিছে জিলাবাসীক ৷
১৭ খনকৈ গ্ৰন্থ প্ৰকাশ কৰি অসমীয়া ভাষা সাহিত্যক চহকী কৰা কবিগৰাকী এগৰাকী নাট্যকাৰ আৰু প্ৰৱন্ধকাৰ হিচাবেও ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰিছে ৷ ইপিনে কবি ৰাজুমনি শইকীয়াৰ দুখনগ্ৰন্হ ফ্ৰেংকফুৰ্ট গ্ৰন্হ মেলালৈ নিৰ্বাচিত হোৱাত আজি মৰিগাঁৱতো বিভিন্ন মহলত আনন্দৰ জোৱাৰ উঠিছে ৷ মৰিগাওঁ জিলা সাহিত্য সভা, মৰিগাও কবি মঞ্চ , লেখিকা সমাৰোহ সমিতি , জ্ঞান মঞ্জৰী সাহিত্য চক্ৰৰ লগতে নাট্য অনুষ্ঠান সমলয় আদি অনুষ্ঠানেও কবি গৰাকীক অভিনন্দন জনাইছে ৷
ADVERTISEMENT