ভাৰত চীন সীমান্ত সন্দৰ্ভত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কয় যে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত দুয়োখন দেশৰ মাজত পৰিস্থিতি ক্ৰমাৎ অৱনতি ঘটিছে ৷ কাৰণ দুয়োখন দেশেই সীমান্তত প্ৰায় ৫০.০০০ সেনা নিয়োগ কৰিছে ৷ কিছুদিন পূৰ্বে আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাইক পম্পিয়’ই মন্তব্য কৰিছিল যে চীন ভাৰতৰ সীমান্তত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত এতিয়াও উত্তেজনা অব্যাহত আছে । উত্তেজনাৰ মাজতে চীনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ৬০,০০০ হেজাৰতকৈ অধিক সৈন্য নিয়োগ কৰিছে ৷ পম্পিয়’ৰ মতে এইয়া চীনৰ “নিকৃষ্ট কাণ্ড” ।
উল্লেখযোগ্য যে চীন তথা বিভিন্ন বিষয়ৰ আলোচনাৰ কাৰণে টকিঅ’ত এখল সভা অনুষ্ঠিত হয় ৷ এই সভাত আলোচনা আমেৰিকা, জাপান,ভাৰত আৰু অষ্ট্ৰেলিয়াই ভাগ লয় । আনহাতে ভাৰত চীন সীমান্তৰ উত্তেজনা বিগত পাঁচমাহ ধৰি অব্যাহত আছে ৷ সীমান্তত ইখনৰ পাছত সিখন বৈঠক অনুষ্ঠিত হ’লে উত্তেজনা হ্ৰাস হোৱা নাই । ইয়াৰ মাজত আমেৰিকাৰ বৈদেশিক মন্ত্ৰীৰ ভাষ্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে ।