“নাগৰিকৰ বাক স্বাধীনতাৰ অধিকাৰ আছে। আৰু কোনোৱে চৰকাৰক সমালোচনা কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা ল’ব নোৱাৰিব।”এই মন্তব্য দেশৰ উচ্চতম ন্যায়ালয়ৰ।
লগতে দেশৰ উচ্চতম ন্যায়ালয়ে কয় যে সামাজিক মাধ্যমত প্ৰকাশ কৰা চৰকাৰ বিৰোধী ৰাজনৈতিক প’ষ্টৰ বাবে কোনো নাগৰিকক আৰক্ষীয়ে হাৰাশাস্তি কৰিব নোৱাৰিব।
উল্লেখ্য যে দিল্লীৰ ৰশ্মি বিশ্বাস নামৰ ২৯ বছৰীয়া এগৰাকী যুৱতীয়ে তলাবন্ধৰ সময়ত কলকতাৰ ৰাজা বজাৰ এলেকাত প্ৰশাসনে সঠিকভাৱে তলাবন্ধৰ নিয়ম মানি চলা নাই বুলি ছ’চিয়েল মিডিয়াত পশ্চিমবংগ চৰকাৰক সমালোচনা কৰি এটা প’ষ্ট দিছিল।ইয়াৰ পাছতে কলকতা আৰক্ষীয়ে কঠোৰ সকীয়নি দি এখন চমন প্ৰেৰণ কৰিছিল মহিলাগৰাকীলৈ।লগতে কলকতা আৰক্ষীয়ে মহিলা গৰাকীৰ বিৰুদ্ধে এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণাৰ ভাব ৰখা বুলি অভিযোগ কৰি এক গোচৰো পঞ্জীয়ন কৰিছিল।
এই গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয় যে সংবিধানৰ অনুচ্ছেদ ১৯(১)(ক)য়ে দেশৰ সকলো নাগৰিককে মত প্ৰকাশ কৰাৰ অধিকাৰ প্ৰদান কৰিছে।
আনহাতে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড আৰু ইন্দ্ৰ বেনাৰ্জীৰ খণ্ড বিচাৰপীঠে এই সংক্ৰান্তত চৰকাৰক উদ্দেশ্যি স্পষ্টভাৱে কয়, “সীমা অতিক্ৰম নকৰিব। ভাৰতক বাক-স্বাধীন ৰাষ্ট্ৰ হৈ থাকিবলৈ দিয়ক। আমি উচ্চতম ন্যায়ালয়ে বাক-স্বাধীনতাক সুৰক্ষা দিম। সংবিধানে উচ্চতম ন্যায়ালয়ক সৃষ্টি কৰাৰ উদ্দেশ্যেই হৈছে সাধাৰণ নাগৰিকৰ ওপৰত ৰাষ্ট্ৰই চলোৱা উৎপীড়ন বন্ধ কৰাটো নিশ্চিত কৰা।”