ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো যে সকলোৰে বাবে এক ডাঙৰ প্ৰত্যাহ্বান সেয়া আমি অস্বীকাৰ কৰিব নোৱাৰো । কাঢ়াৰ পৰা আৰম্ভ কৰি গ্ৰীণ টি আৰু বিভিন্ন খাদ্যবস্তু অন্তৰ্ভুক্ত কৰা হয় ডায়েটৰ তালিকাত । সম্প্ৰতি বতৰ পৰিৱৰ্তনৰ লগে লগে পুনৰ এক সমস্যাৰ সন্মুখীন হৈছে সকলো । এই বতৰটো যদিও সুন্দৰ কিন্তু এই সময়ছোৱাত বহুলোক কাঁহ, ফ্লু ইত্যাদি বেমাৰত ভোগে । এই সময়চোৱাত আপুনি খাদ্যৰ তালিকাত সুস্বাদু ফল আৰু ভিটামিন প্ৰটিনযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰি এক ইতিবাচক ফল লাভ কৰিব পাৰে । সেয়ে শীতকালত এই সময়ছোৱাত আপুনি খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে তলত উল্লেখ কৰা ফলকেইবিধ –
■ মধুৰীআম – ভিটামিন আৰু এন্টিঅক্সিজেনযুক্ত মধুৰীআমে কোষৰ সমস্যা সমাধান কৰাৰ উপৰিও ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।
■ নাচপতি : ভিটামিন ই আৰু চি যুক্ত নাচপতিয়ে পেটৰ সমস্যা দূৰ কৰে ।
■ কমলা : বহু পৰিমাণে ভিটামিন চি আৰু কেলচিয়াম থকা কমলা খালে বতৰৰ সংক্ৰমণকে ধৰি বহু ৰোগৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰি।
■ আপেল – বতৰৰ এই সময়চোৱাত আপেল খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী। আপেলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।
■ ডালিম : ৰক্ত সঞ্চালন, ওজন হ্ৰাস আৰু ছালৰ বাবে উপকাৰী ডালিম।