কোনো কাৰণতে বিজেপিক পাটাছাৰকুছি এৰি দিয়া নহ’বঃ ফণীভূষণ চৌধুৰী

8b2ede1c d2d0 4cf8 9316 a7bb3e704a0e

অগপই কোনো কাৰণতে পাটাছাৰকুছি সমষ্টি এৰি নিদিয়ে l যিহেতু পাটাছাৰকুছি সমষ্টিত অগপৰ এটা ভেটি অাছে অাৰু ১৯৮৫ চনত অগপই এই সমষ্টিত অভিলেখ সৃষ্টি কৰি থৈছে৷ গতিকে অগপই পাটাছাৰকুছি সমষ্টি বিজেপিক এৰি দিয়াৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে ৷আজি পাঠশালাত এই মন্তব্য প্ৰদান কৰে অগপ নেতা তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ৷ পাঠশালাৰ আজাদ ভৱনত অনুষ্ঠিত পাটাছাৰকুছি অগপ মহিলা পৰিষদৰ এখন সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে মন্ত্ৰী চৌধুৰীয়ে ৷

স্বাভাৱিকতে সাম্প্ৰতিক পৰিস্থিতিত যি সময়ত বিজেপিৰ কেইবাগৰাকী জেষ্ঠ নেতাই পাটাছাৰকুছি সমষ্টি বিজেপিৰ বাবে বিচাৰিছে আনকি বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ নাম উচ্চাৰিত হৈছে তেনে ক্ষণত অাজি অগপৰ শীৰ্ষ নেতা গৰাকীৰ এনে মন্তব্য তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷ একে সময়তে অগপ বিধায়ক পবিন্দ্ৰ ডেকা দলৰ মজিয়াত এঘৰীয়া হৈছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত চৌধুৰীয়ে কয় যে কোনো কাৰণতে পবিন্দ্ৰ ডেকা এঘৰীয়া হোৱা নাই অাৰু এতিয়াও তেওঁ অগপত বিধান পৰিষদৰ সদস্য হিচাপে অাছে ৷

ইপিনে বজাৰত জুই ছাই দাম সন্দৰ্ভত মন্ত্ৰী চৌধুৰী চৌদিশে সমালোচিত হোৱা প্ৰসংগত তেওঁ অসমত চাহিদা অনুপাতে পিয়াঁজ উৎপাদন নহয় বুলি কয় যাৰ বাবে ইন্দোৰ, নাছিক অাৰু ৰাজস্থানৰ পৰা আনিব লগা হয়৷ এনে পৰিস্থিতিত ডিচেম্বৰ মাহতহে অসমত মূল্য বৃদ্ধি নিয়ন্ত্ৰণ হ’ব বুলি ঘোষণা কৰে ফণীভূষণ চৌধুৰীয়ে৷ ইয়াৰ পূৰ্বে অাজি পাঠশালাৰ আজাদ ভৱনত সমাবেশত অগপ নেত্ৰী সৰজু ৰয়ৰ সভাপতিত্বত অাৰু অগপ নেত্ৰী মিনি কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত মন্ত্ৰী গৰাকীয়ে উদাত্ত ভাষণেৰে পাটাছাৰকুছি অগপৰ দখলত থাকিব বুলি কৰ্মী সকলক উৎসাহিত কৰে ৷

আনহাতে উক্ত সভাত অংশগ্ৰহণ কৰা অগপৰ মহিলা পৰিষদৰ সভানেত্ৰী বৰদা কলিতাই অসমৰ পাটাছাৰকুছি, বটদ্ৰৱা, শিৱসাগৰ, গোলাঘাটকে আদি কৰি 5 টাকৈ সমষ্টিত মহিলা প্ৰাৰ্থীক টিকট প্ৰদান কৰাৰ দাবী উত্থাপন কৰে অাৰু প্ৰাৰ্থীৰ নাম সভাপতি লৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে ৷

সভাত অাজি প্ৰাক্তন বিধায়ক তথা বৰ্ষীয়ান নেতা ভূৱনেশ্বৰ বৰ্মনৰ বিয়োগত শোক পালন কৰিও মৌনতা অৱলম্বন কৰা হয় ৷ সভাত মন্ত্ৰী ফনীভূষণ চৌধুৰীৰ উপৰিও বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ দাস, ড০ ৰণজিৎ ডেকা, অগপ নেতা ধ্ৰুব দত্ত, ধৰ্মেশ্বৰ ৰয়, অমিয় দাস, ধনজিৎ ডেকা, জিন্টু চৌধুৰী আদি নেতা- কৰ্মী উপস্থিত আছিল ৷

Exit mobile version