দেশত সম্প্ৰতি বিহাৰ বিধানসভা নিৰ্বাচনৰ বতাহ বলিছে। ইয়াৰ মাজতে দেওবাৰে বিয়লি বিহাৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰে। নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনালৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগত RJD ৰ নেতা তেজস্বী যাদৱে ধাৰাসাৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থাকে।
নিৰ্বাচনী প্ৰচাৰত অন্যান্য বিষয়ৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুলৱামা আক্ৰমণৰ আলম লৈ বিৰোধীক বিভিন্ন সমালোচনাৰে থকা সৰকা কৰি নিৰ্বাচনী প্ৰচাৰ কৰা দেখা গ’ল ৷
আনহাতে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে মোদীৰ লগতে মুখ্যমন্ত্ৰী নিতীশ কুমাৰক নিবনু্ৱা,বিদেশী সমস্যা,কৃষি আইন,চেনি কল,আদি বিভিন্ন বিষয়ক লৈ শাসনাধীন চৰকাৰক সমালোচনা কৰে।
ইয়াৰ মাজতে তেজস্বীয়ে নিৰ্বাচনী প্ৰচাৰত লক্ষ্য কৰি লৈছে ১০ লাখ যুৱকক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিত ৷লগতে তেজস্বীয়ে নিবনুৱা সমস্যা,দৰিদ্ৰতা আৰু স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন বিষয়ৰ লগতে কৰ’না ভাইৰাছক কেন্দ্ৰ কৰি নিৰ্বাচনী প্ৰচাৰ কৰিছে ৷
আনহাতে,মুখ্যমন্ত্ৰী নিতীশ কুমাৰৰ বিৰুদ্ধে ক্ৰমে আক্ৰমণাত্মক হৈ উঠিছে চিৰাগ পাছোৱান ৷নিতীশ কুমাৰৰ চৰকাৰ ক্ৰমে মহিষাসুৰলৈ পৰিণত হৈছে ।এই মন্তব্য LJP ৰ সভাপতি চিৰাগ পাছোৱানৰ ৷
ইপিনে RJD ৰ নেতা তেজস্বী যাদৱৰ মন্তব্য যে নিতীশ কুমাৰে বিহাৰক নিয়ন্ত্ৰণ কৰিব নোৱাৰে ৷বিহাৰত কেৱল প্ৰদূষণ নিয়ন্ত্ৰণৰ কাৰণে ৭৭ জন পুলিচ আছে ।লগতে নিযুক্তিৰ পদসমূহো ভৰ্তি হোৱা নাই ।গতিকে আমি জনসাধাৰণৰ পৰা এটা সুযোগ বিচাৰিছো। যিটো মুখ্যমন্ত্ৰীয়ে বিগত ১৫ বছৰত কৰিব পৰা নাই সেইটো আমি কৰি দেখুৱাম।
লগতে তেজস্বীয়ে বিজেপি আৰু জে ডিইউক সন্দৰ্ভত কয় তেওঁলোকে যুৱ প্ৰজন্মৰ ভোট বিচাৰে ৷কিন্তু যুৱ প্ৰজন্মৰ নেতা নিবিচাৰে।






























