সকলো ক’ভিড প্ৰট’কল মানি আজিৰে ৰাজ্যত আৰম্ভ হ’ল বিদ্যালয়সমূহৰ পাঠদান

WhatsApp Image 2020 11 02 at 10.37.35 AM

সুদীৰ্ঘ ৮ মাহৰ অন্তত আজিৰে পৰা খোলা হ’ল ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ।

শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে এইসময়ত মানিবলগীয়া নীতি-নিয়মসমূহ সম্বলিত এক নিৰ্দেশ জাৰি কৰিছে।

আনহাতে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে জাৰি কৰা এই নিৰ্দেশনা ৰাজ্যৰ বেচৰকাৰী আৰু কচিং চেন্টাৰসমূহৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব।

নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি প্ৰথম মান শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান পৰৱৰ্তী নিৰ্দেশনা প্ৰদান নকৰা পৰ্যন্ত বন্ধ থাকিব।

তদুপৰি ষষ্ঠ, সপ্তম, দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান হ’ব সপ্তাহটোৰ তিনিদিনত। সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে পাঠদান হব এই শিক্ষাৰ্থীসকলৰ।

দিনটোৰ দুটাকৈ চিফটত পাঠদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে এই নিৰ্দেশনাত।

প্ৰথমটো দলৰ পাঠদান আৰম্ভ হ’ব পুৱা ৮বজাৰ পৰা দুপৰীয়া ১২বজালৈ।

দ্বিতীয়টো দলৰ পাঠদান আৰম্ভ হ’ব দুুপৰীয়া ১২.৩০বজাৰ পৰা বিয়লি ৩.৩০বজালৈ।

দুয়োটা দলক মধ্যাহ্ন ভোজন কেতিয়া প্ৰদান কৰা হব, তাৰ সময়ো নিৰ্ধাৰণ কৰি দিছে এই নিৰ্দেশনাত।

শ্ৰেণীকোঠা,মধ্যাহ্ন ভোজন কোঠা আদিত সামাজিক দূৰত্ব মানি চলিব লাগিব।

শ্ৰেণীকোঠা,শৌচালয় আৰু বিদ্যালয়ৰ চৌহদ নিয়মিতভাৱে পৰিস্কাৰ কৰি ৰাখিব লাগিব।

হাত ধোৱাৰ কাৰণে চাবোন আৰু পানীৰ ব্যৱস্থা থাকিব লাগিব।

Exit mobile version