২০২১ৰ মাজভাগত ক’ভেক্সিন মুকলি কৰাৰ পৰিকল্পনা ভাৰত বায়’টেকৰ

WhatsApp Image 2020 11 02 at 1.43.43 PM

সমগ্ৰ দেশত বৰ্তমান কৰ’নাৰ সংহাৰ ৷তাৰ মাজতে দেশত কৰ’নাৰ ভেকচিন কেতিয়া উপলব্ধ হ’ব তাকে লৈ সকলোৱে আশাৰে বাটচাই আছে ৷ইয়াৰ মাজতে ব্ৰাজিলত চীনৰ ভেকচিন প্ৰয়োগ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে।

ইপিনে ভাৰত বায়’টেকে ২০২১ৰ মাজভাগত কৰ’নাৰ ভেকচিন মুকলি কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে।

দিল্লীৰ এইমছে কৰ’না ভেকচিন ক’ভেক্সিনৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েলৰ প্ৰতিবেদন বিভাগীয় কমিটিক অৰ্পন কৰিব। ইতিমধ্যে ভাৰত বায়’টেকক ড্ৰাগ কন্ট্ৰ’লাৰ জেনেৰেল অফ ইণ্ডিয়াই ভেকচিন পৰীক্ষণৰ কাৰণে মঞ্জুৰী প্ৰদান কৰিছে ৷

আনহাতে Sinovac ভেকচিন ব্যৱহাৰৰ কাৰণে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰিছে ব্ৰাজিলবাসী ।

এক বিশেষ সূত্ৰৰ মত অনুসৰি জনছন এণ্ড জনছন ভেকচিন পৰীক্ষণ কৰা হ’ব ১২-১৮ বছৰ বয়সৰ যুৱ প্ৰজন্মৰ মাজত ।লগতে জনছন এণ্ড জনছনৰ এই ভেকচিনৰ প্ৰয়োগ যাতে শিশুসকলৰ শৰীৰত কৰা হয় তাৰ কাৰণে অনতি পলমে চেষ্টা কৰাৰ কথা মন্তব্য কৰে Dr Jerry Sadoff য়ে।

Exit mobile version