“যেতিয়া মোৰ মা ভাৰতৰ পৰা আহিছিল, তেতিয়া হয়তো তেখেতে এই মুহূৰ্তৰ কথা কল্পনাই কৰিব পৰা নাছিল ” : কমলা হেৰিছ

WhatsApp Image 2020 11 08 at 3.19.09 PM

আমেৰিকাৰ ইতিহাসত প্রথমগৰাকী কৃষ্ণাংগ বৰ্ণৰ মহিলা উপৰাষ্ট্রপতি কমলা হেৰিছে জয় লাভ কৰাৰ পাছতে ভাৰতীয় মাতৃক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ।

“মই আজি এই স্থানত উপনীত হোৱাৰ বাবে আটাইতকৈ বেছি প্ৰেৰণা পাইছো মাতৃ শ্যামলা গোপালন হেৰিছৰ পৰা । যেতিয়া তেখেতে ১৯ বছৰ বয়সত ভাৰতৰ পৰা আমেৰিকা আহিছিল, তেতিয়া সম্ভৱত এই মুহূৰ্তৰ কথা কল্পনাই কৰা নাছিল । কিন্তু তেওঁ ইমান গভীৰভাৱে আমেৰিকাক বিশ্বাস কৰিছিল যে, য’ত এনে এটা মুহূৰ্ত সম্ভৱ । সেয়ে মই তেঁওৰ বিষয়ে আৰু কৃষ্ণাংগ বৰ্ণ, এছিয়ান, বগা, লেটিনা আৰু নেটিভ আমেৰিকান মহিলাৰ প্ৰজন্মৰ বিষয়ে চিন্তা কৰিছোঁ।” ৫৭ বৰ্ষীয় ভাৰতীয় মূলৰ উপ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কমলা হেৰিছে ৰাষ্ট্রবাসীক সম্বোধন কৰি কয় এনেদৰে ।

ভাৰতীয় বংশোদ্ভৱৰ মহিলা কমলা হেৰিছ খ্ৰীষ্টান ধৰ্মৰ যদিও হিন্দু ধৰ্মকো বিশ্বাস কৰে । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনৰ সফলতাৰ পিছত শুভেচ্ছা জনাই টুইট কৰে এনেদৰে – এয়া সকলো ভাৰতীয় আমেৰিকানৰ বাবে অত্যন্ত গৰ্বৰ বিষয় ।

উল্লেখ্য যে, আমেৰিকা নিৰ্বাচনৰ সময়ত কমলা হেৰিছৰ মাতৃৰ জন্মস্থান তামিলনাডুত হেৰিছে জয় লাভ কৰাৰ উদ্দেশ্যে পূজা অৰ্চনা অনুষ্ঠিত কৰিছিল গাওঁবাসীয়ে ।

Exit mobile version