পুনৰ অসমৰ লগত বিশ্বাসঘাতকতা কৰিছে মিজোৰাম চৰকাৰে

Mizoram edited

অসম তথা অসমীয়াসকলৰ লগত পুনৰ বিশ্বাসঘাতকতা কৰিলে মিজোৰাম চৰকাৰে ৷ কাৰণ অসমৰ ২১ খন বাহন লৈ যোৱাৰ লগতে এখনো বাহন এৰি নিদিলে মিজোৰাম চৰকাৰে ৷ইয়াৰ মাজতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতি সম্মান জনাই অৱশেষত কিছু হ’লেও মানৱীয়তা দেখালে লায়লাপুৰৰ আন্দোলনকাৰীসকলে ৷ অসম মিজোৰাম সীমা বিবাদৰ সমাধান নহ’লেও মিজোৰামৰ বিৰুদ্ধে লায়লাপুৰত চলি থকা অৰ্থনৈতিক অৱৰোধৰ ফলত মিজোৰামত পেট্ৰ’পন্যৰ প্ৰবল সঙ্কটে দেখা দিছে ৷

ইপিনে মিজোৰামৰ মূখ্য সচিবৰ আবেদনত অৱশেষত শিলচৰত আবদ্ধ হৈ থকা এলপিজি বোঝাই লৰি আৰু ওয়েল ট্যাঙ্কাৰ মিজোৰামৰ উদ্দেশ্যে ৰাওনা হৈছে ।সোমবাৰে আবেলি শিলচৰ মিজোৰাম হাউচত থকা ২১ খন  ট্ৰাক আৰু তেলৰ টেঙ্কাৰ মিজোৰামৰ উদ্দেশ্যে ৰওনা হয় ৷ এডিজিপিসহ প্ৰশাসনৰ উচ্চ আধিকাৰিকৰ উপস্থিতিত আৰক্ষীৰ কটকটীয়া নিৰাপত্তাত লৰিসমূহ মিজোৰামলৈ লৈ যোৱা হয়৷ লক্ষণীয় বিষয় হ’ল মিজোৰামৰ এই ২১ খন  ট্ৰাক এৰি দিয়াৰ পাছত মিজোৰামৰ চৰকাৰে কথা দিছিল যে মিজোৰামৰ ভাইৰেন্টিত অসমৰ যিসমূহ বাহন আটক কৰি ৰখা হৈছে সেই বাহনসমূহ মিজোৰামৰে এৰি দিব ৷

কিন্তু মিজোৱে অসমৰ ৰেজিষ্টেশ্যন থকা এখনো বাহন এৰি দিয়া নাই । কেৱল অসমৰ বাহিৰৰ কেইখনমান বাহনহে এৰি দিছে মিজোসকলে ৷ ইয়াত এইটো প্ৰমাণ হ’ল যে মিজোৰামৰে পুনৰ অসমৰ লগত বিশ্বাসঘাতকতা কৰিলে ৷ যাৰ কাৰণে ক্ষুদ্ধ হৈ উঠে ট্ৰাক ড্ৰাইভাৰ্চ এছোচিয়েশ্যনৰ কৰ্মকৰ্তাসকল ৷ তেওঁলোকৰ দাবী যাৰ কাৰণে কাছাৰ প্ৰশাসনে মিজোৰামৰ গাড়ী এৰি দিছে ঠিক সেইবাবেই মিজোৰামত আবদ্ধ গাড়ীবোৰ আনি দিয়ক ৷

ইপিনে আন্দোলনকাৰী সকলে কয় যে তেওঁলোকে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতি সম্মান জনাই চৰকাৰৰ কথা মতে ২১ টা পথ খুলি দিলে ৷ কিন্তু মিজোসকলে যেতিয়ালৈকে অসমৰ ভূমি এৰি নাযায় তেতিয়ালৈকে তেওঁলোকৰ এই অৰ্থনৈতিক অৱৰোধ অব্যাহত থাকিব ৷ এতিয়া প্ৰশ্ন হয় মিজোৰাম চৰকাৰে অসমৰ লগত এটাৰ পিচত এটা বিশ্বাসঘাতকতা কৰাৰ পিছত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মিজোৰামৰ বাবে কিয় ইমান মৰম ?

যদি মিজোৰামৰ প্ৰতি আমাৰ চৰকাৰৰ ইমান মৰম তেনেহ’লে মিজোৰামে কিয় কথা দি কথা ৰখা নাই ? কিয় তেওঁলোকৰ ২১ টা ট্ৰাক লৈ যোৱাৰ পিছত অসমৰ এখনো বাহন এৰি নিদিলে মিজোৰামে? কিয় অসমৰ ভূমিৰ বাবে আন্দোলন কৰি থকা আন্দোলনকাৰীসকলৰ ওপৰত চাপ সৃষ্টি কৰি আমাৰ চৰকাৰ প্ৰশাসনে মিজোৰামৰ গাড়ী কেইখন এৰি দিলে৷ ৰাইজৰ সন্মুখত এতিয়া এই সমূহ প্ৰশ্ন?

 

Exit mobile version