বিটিআৰত ইউপিপিএলক পূৰ্ণ সমৰ্থন কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ

700c4bc8 afca 4151 ae61 05af78e13bae

বাক্সাৰ শালবাৰীৰ নিমুৱাত বাক্সা জিলা কমতাপুৰত অনুষ্ঠিত হোৱা প্ৰগ্ৰেছিভ পাৰ্টি(পশ্চিম খণ্ড)ৰ এখন সংবাদমেলত সংগঠনটোৱে ইউ পি পি এল দলক আনুষ্ঠানিকভাৱে সমৰ্থন জনোৱা বুলি ঘোষণা কৰে কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰয়ে ৷ জনজাতীয় বিষয়লৈ ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৰ স’তে বৈঠকত মিলিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ কেন্দ্ৰীয় সমিতিয়ে ৷

সংবাদমেলত কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ নেতাজনে কয় বিগত ১৭ টা বছৰে বিটিআৰ অঞ্চলত যি অবাধ দুৰ্নীতি হ’ল তাৰ পৰা বিটিআৰৰ সাধাৰণ জনতাক আমি মুক্তি দিব লাগে ৷ আনুষংগিক ভাৱে আমাৰ কোচ ৰাজবংশী আৰু অন্যান্য জনগোষ্ঠী সমূহৰ যি সমস্যা আছে সেইয়া সমাধান কৰিব লাগে ৷ বিটিআৰত কোনো এটা জাতি-জনগোষ্ঠীয়ে যাতে উন্নয়নৰ পৰা বঞ্চিত নহয় ৷

আমাৰ কোচ ৰাজবংশীৰ ফালৰ পৰা এজন হ’লেও এমচিএলএ কৰিব লাগে ৷ বিগত ১৭ টা বছৰত বিপিএফে সেইয়া নকৰিলে ৷ মনোনীত সদস্য নিৰ্বাচনৰ ক্ষেত্ৰতো বিপিএফ দলে কোনো গুৰুত্ব নিদিলে ৷ আনকি ভিচিডিচিৰ সভাপতি নিৰ্বাচনৰ ক্ষেত্ৰতো আজি ১৭ টা বছৰে কোচ ৰাজবংশী জনগোষ্ঠীটোৰ সপক্ষে কাম নকৰিলে ৷

কোচ ৰাজবংশীৰ লগতে অন্যান্য জনগোষ্ঠীৰ বাবেও পৃথক উন্নয়ন ব’ৰ্ড গঠনৰ সিদ্ধান্ত লৈছে ইউ পি পি এলএ ৷ আমাৰ বহু চৰ্তৰ সপক্ষে ইউ পি পি এল দলে কথা দিয়াত আমি আজিৰেপৰা মুকলিকৈ সমৰ্থন জনালোঁ ৷ সংবাদমেলত উপস্থিত থাকে কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰয়, বাক্সা জিলা(পশ্চিম খণ্ড)ৰ সভাপতি প্ৰফুল্ল বৰ্মন, সাধাৰণ সম্পাদক চিত্তৰঞ্জন ৰয়, চিৰাং জিলা সভাপতি দিলীপ বৰ্মন, বাক্সা জিলা(পশ্চিম) উপ সভাপতি পংকজ ৰয়, বাক্সা জিলা কমিটিৰ সহকাৰী সম্পাদক প্ৰমোদ বৰ্মন, সদস্য সঞ্জয় বৰ্মন আৰু পুৰঞ্জন ৰয় ৷

Exit mobile version