শ্ৰী কৃষ্ণ ৰাসলীলা উপলক্ষে ক’ভিড প্ৰট’কল মানি গাঁৱে-ভূঞে চলিছে প্ৰস্তুতি

Screenshot 48

সমাগত ৰাস মহোৎসৱ । ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে নগাঁও জিলাৰ ৰাইডঙ্গীয়াতো এতিয়া চলিছে ৰাসৰ পূর্ণ প্ৰস্তুতি। যাৰ বাবে ব্যস্ত হৈ পৰিছে বটদ্ৰৱাৰ ৰাইডিঙ্গীয়াৰ ৰজাগাঁও অঞ্চলবাসী । ৰজাগাঁওৰ জ্যেষ্ঠসকলৰ উদ্যোগত অহা ৩০ নৱেম্বৰৰ পৰা ৩দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ৰাস মহোৎসৱ ।

সেই উপলক্ষে অঞ্চলটোৰ মহিলা সকলৰ লগতে কিশোৰ কিশোৰীসকল ৰাসলীলাৰ আখৰা কৰাত ব্যস্ত হৈ পৰিছে । বিগত বছৰৰ দৰে এইবাৰ আয়োজন কৰিব নোৱাৰিব যদিও অনুষ্টুপীয়াকৈ শ্ৰী কৃষ্ণ ৰাসলীলাৰ আয়োজন কৰিবলৈ ওলাইছে ৰজাগাঁওবাসীয়ে।

চৰকাৰী নীতি- নিৰ্দেশনা মানি সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি ৰাস উৎসৱ অনুষ্ঠিত কৰিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ।

Exit mobile version