আজি পোহৰৰ উৎসৱ দীপাৱলী

WhatsApp Image 2020 11 14 at 11.06.32 AM

কৰ’না মহামাৰীৰ প্ৰকোপ হ্ৰাস হোৱাৰ পাছত ৰাজ্যবাসীয়ে আজি উদযাপন কৰিব পোহৰৰ উৎসৱ দীপাৱলী। দীঘলীয়া তলাবন্ধৰ পাছতে এই উৎসৱে থলুৱা মৃৎ শিল্পীসকললৈ কঢ়িয়াই আনিছে কিছু আশাৰ বতৰা ৷বিশেষকৈ এইবাৰ দীপাৱলীত চীনা আৰু কলকাতাৰ সামগ্ৰীৰ ব্যাপক আগ্ৰাসনক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে ৰাজ্যৰ থলুৱা ব্যৱসায়ীসকলে ।

প্ৰতিটো দীপাৱলীত ৰং বিৰিঙৰ চীনা লাইটৰ লগতে কলকাতাৰ পৰা আমদানিকৃত ৰং বিৰঙৰ চাকিয়ে ৰাজ্যৰ প্ৰতিখন বজাৰত দখল কৰি আহিছে। কিন্তু কৰ’নাসৃষ্ট পৰিবেশৰ মাজত আজি উদযাপিত হ’ব লগা পোহৰৰ উৎসৱত ফটকা আতচবাজী বিক্ৰী প্ৰশাসনে নিষিদ্ধ ঘোষণা কৰাৰ পাছতে এইবাৰ পোহৰৰ উৎসৱ পোহৰৰে উদযাপিত কৰিব ৰাজ্যবাসীয়ে।

ফলত ব্যাপক হাৰত বিক্ৰী হৈছে ৰাজ্যৰ থলুৱা মৃৎ শিল্পীসকলে প্ৰস্তুত কৰা কে’বা প্ৰকাৰৰ মাটিৰ চাকিৰ লগতে পূজাত ব্যৱহৃত সামগ্ৰী। আনহাতে দীপাৱলী বুলি ক’লেই এমাহ পূৰ্বৰে পৰা ব্যস্ত হৈ পৰাৰ লগতে ফটকা,আতচবাজী,ৰং-বিৰঙৰ লাইটৰ দোকানেৰে ভৰি থকা মহানগৰীত এইবাৰ নাই পূৰ্বৰ পৰিৱেশ।

তাৰ পৰিৱৰ্তে মহানগৰীত এইবাৰ বৰ্ধিত হাৰত বৃদ্ধি পাইছে থলু্ৱা মৃৎ শিল্পীয়ে প্ৰস্তুত কৰা মাটিৰ চাকিৰ দোকান ।উল্লেখযোগ্য যে তলাবন্ধই কোঙা কৰা এই শিল্পৰ লগত জড়িত লোকসকলে অলপ সকাহ পাইছে বুলি কে’বাজনো ব্যৱসায়ীয়ে উল্লেখ কৰি এই তিনিদিনত একো একো মৃ শিল্পীৰ ছয় সাত হেজাৰ চাকি বিক্ৰী কৰিবলৈ সক্ষম হৈছে বুলি কয়।

Exit mobile version