বিগত ২৪ ঘন্টাত দেশত নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে প্ৰায় ৪৫ হাজাৰ লোক। ইয়াৰ লগে লগে দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৮৭ লাখলৈ বৃদ্ধি পালে ৷স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে বিগত ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত হৈছে ৪৪,৮৭৯ জন ।
আনহাতে দেশত কৰ’নাত মুঠ আক্ৰান্তৰ ৮৭.২৮ লাখ বৃদ্ধি পালে ৷বিগত ২৪ ঘন্টাত কৰ’নাত মুঠ মৃত্যু হৈছে ৫৪৭ জন ।ইয়াৰ লগে লগে কৰ’নাত মৃত্যু হোৱাৰ সংখ্যা ১,২৮,৬৬৮ জনলৈ বৃদ্ধি পালে ৷ইপিনে কৰ’নাত চিকিৎসাধীন হৈ আছে ৪,৮৪,৫৪৭ জন ৷
কৰ’নাত আক্ৰান্তৰ সংখ্যাৰ সমান্তৰালভাৱে দেশত বৃদ্ধি পাইছে কৰ’নাৰ পৰীক্ষাৰ সংখ্যা । বৃহস্পতিবাৰে ১১,৩৯,২৩০ জন লোকৰ কৰ’না পৰীক্ষা কৰাৰ বিপৰীতে দেশত প্ৰায় ১২কোটি লোকৰ কৰ’নাৰ পৰীক্ষা কৰা হৈছে ।
দেশত কৰ’নাত আক্ৰান্তৰ সমান্তৰাল ৰাজধানী দিল্লীটো বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্তৰ সংখ্যা ।ইয়াৰ মাজতে দিল্লী উচ্চ ন্যায়ালয় অৰবিন্দ কেজৰিৱালৰ চৰকাৰক ৩৩শতাংশ ব্যক্তিগত চিকিৎসালয়ত ৮০ শতাংশ বেড সংৰক্ষণ কৰিবলৈ অনুমতি প্ৰদান কৰে।