অৱশেষত সফলভাৱে ধ্বংস কাৰ্য সম্পন্ন হ’ল বাঘজান ব্ল’ আউট কূপ

21450f7a 940d 4356 9644 f3f2c6ad34fe

অৱশেষত নিৰ্বাপিত হ’ল বাঘজানৰ BGR ৫ ৰ জুইকুৰা ৷ ইপিনে ব্ৰাইন চলিউচনৰ সহায়ত কূপটোৰ ধ্বংস কাৰ্য সম্পন্ন হয় আৰু বৰ্তমান নিয়ন্ত্ৰণৰ ভিতৰত আছে জুইকুৰা। আনহাতে প্ৰায় পাঁচমাহে অহৰ্নিশে জ্বলি থকা বাঘজানৰ জুইকুৰা আজি সম্পূৰ্ণভাৱে নিৰ্বাপিত হয় ।

এই সন্দৰ্ভত অইল ইণ্ডিয়া লিমিটেডৰ মুখপাত্ৰ ত্ৰিদিব হাজৰিকাৰ মন্তব্য যে বৰ্তমান কুপটোত কোনো ধৰণৰ চাপ নাই আৰু কোনো ধৰণৰ গেছ মাইগ্ৰেছন আৰু চাপ সৃষ্টি হৈছে নেকি সেয়া নিশ্চিত হ’বৰ বাবে ২৪ ঘণ্টা সময় নিৰীক্ষণ কৰা হ’ব ।

কূপটো ত্যাগ কৰিবৰ বাবে অন্যান্য অপাৰেচন কাৰ্যসমূহ অব্যাহত আছে । শ্ৰী পি চন্দ্ৰশেকৰণ, সঞ্চালক (অন্বেষণ আৰু বিকাশ), শ্ৰী পি কে গোস্বামী, সঞ্চালক (অপাৰেচনচ) আৰু আবাসিক মুখ্য বিষয়া শ্ৰী দিলীপ কুমাৰ দাসে গৈ বাঘজান কূপক্ষেত্ৰ পৰিদৰ্শন কৰে আৰু এলাৰ্ট আৰু অইলৰ বিশেষজ্ঞসকলৰ সৈতে বিতং আলোচনাত মিলিত হয়।

Exit mobile version